পশ্চিমবঙ্গৰ পঞ্চায়ত নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ সফলতা উদযাপন অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত

পশ্চিমবঙ্গৰ পঞ্চায়ত নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ সফলতা উদযাপন অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত

ৰঙিলী বাৰ্ত্তাসেৱা-  পশ্চিমবঙ্গৰ পঞ্চায়ত নিৰ্বাচনত তৃণমূল কংগ্ৰেছে লাভ কৰা আকৰ্ষণীয় সফলতা উদযাপনৰ বাবে অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অসম তৃণমূল যুৱ কংগ্ৰেছৰ উদ্যোগত এক কাৰ্যসূচী অনুষ্ঠিত হয়। দলীয় কৰ্মীসকলে ফটকা ফুটাই, মিঠাই বিতৰণ কৰাৰ লগতে ‘তৃণমূল কংগ্ৰেছ জিন্দাবাদ’, ‘মমতা বেনাৰ্জী জিন্দাবাদ’, ‘অভিষেক বেনাৰ্জী জিন্দাবাদ’ আদি শ্ল’গান দি বিজয়োৎসৱ পালন কৰে।সভাপতি ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছক পঞ্চায়ত নিৰ্বাচনত বিপুলভাৱে জয়ী কৰোৱাৰ বাবে পশ্চিমবংগৰ জনতাক ধন্যবাদ জ্ঞাপন কৰে। বৰাই কয়,’পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল তৃণমূল কংগ্ৰেছ পৰিয়ালৰ বাবে আনন্দৰ খবৰ। আমাৰ দলৰ নেত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানীৰ প্ৰতি জনতাৰ এই অকুণ্ঠ সঁহাৰিত অসম তৃণমূল কংগ্ৰেছৰ সতীৰ্থসকলো উৎসাহী হৈ পৰিছে। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এই ফলাফল তৃণমূল কংগ্ৰেছৰ বাবে যথেষ্ট ইতিবাচক দিশ।’ কাৰ্যসূচীত লগতে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা, অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তকে ধৰি ভালেসংখ্যক দলীয় সতীৰ্থ উপস্থিত থাকে।