পশ্চিমবঙ্গত সাধাৰণ কথাতে ইডি-চিবিআই লগাই দিয়া বিজেপি চৰকাৰে অসমৰো কেলেংকাৰীৰ তদন্ত চিবিআইৰ‌ দ্বাৰা কৰাওক: অভিজিত মজুমদাৰ

পশ্চিমবঙ্গত সাধাৰণ কথাতে ইডি-চিবিআই লগাই দিয়া বিজেপি চৰকাৰে অসমৰো কেলেংকাৰীৰ তদন্ত চিবিআইৰ‌ দ্বাৰা কৰাওক: অভিজিত মজুমদাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পশ্চিমবংগত সামান্য কথাতে ইডি-চিবিআই লগাই দিয়াৰ দৰে, অসমত হোৱা বিভিন্ন কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবী অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া ইনচাৰ্জ অভিজিত মজুমদাৰৰ। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত মজুমদাৰে কয়,’হাজাৰ হাজাৰ কোটি টকা খৰচৰ পিছতো কিয় ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম সম্পূৰ্ণ নহ’ল তাৰ চিবিআই তদন্ত হওক। কেগৰ প্ৰতিবেদনতো ২০০০ কোটি টকাৰ অনিয়ম হোৱা বুলি ধৰা পৰা এনআৰচিৰ কেলেংকাৰীৰ সন্দৰ্ভত চিবিআই তদন্ত হ’ব লাগে। সাৰদা কেলেংকাৰী সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তদন্ত হওক। গেমনৰ পাইপ ফুটি মানুহ মৰিল, তাৰ তদন্ত হওক। দিছপুৰত অভাৰব্ৰীজ উদ্বোধনৰ ছয়মাহ পাছত এই সন্দৰ্ভত বাতৰি কাকতত নিবিদা প্ৰকাশ কৰাৰ সন্দৰ্ভত তদন্ত হওক। পশ্চিমবংগত কথাই কথাই তৃণমূল কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে ইডি, চিবিআই লগাই হাৰাশাস্তি যদি কৰিব পাৰে, তেন্তে অসমত ইমান কেলেংকাৰীৰ পাছতো কিয় নীৰৱ চৰকাৰ?’অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি থকা মজুমদাৰে লগতে বিহাৰত ভাঙি যোৱা নিৰ্মাণৰত ১৭০০ কোটি টকীয়া ব্ৰীজৰ নিৰ্মাণত জড়িত এছ পি সিংলা কোম্পানীৰ ব্ৰহ্মপুত্ৰত চলি থকা নিৰ্মাণ বন্ধ কৰি তেওঁলোকক ব্লেক লিষ্টেড কৰাৰো দাবী জনায়।গুৱাহাটীত পানী যোগান প্ৰকল্পৰ কাম আধাতে এৰি পলায়ন কৰা বুলি অভিযোগ উত্থাপন কৰি গেমনৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ বাবেও ক্ষোভ প্ৰকাশ কৰে তৃণমূলৰ নেতাগৰাকীয়ে। আনহাতে ব্ৰহ্মপুত্ৰৰ ওপৰত চলি থকা নিৰ্মাণ কাৰ্যৰ পৰা বিহাৰৰ চিংলা কোম্পানীক আঁতৰ নকৰিলে ভৱিষ্যতে বিপদ হোৱাৰ সম্ভাৱনাৰ বিষয়েও সকীয়াই দিয়ে মজুমদাৰে।