পশ্চিমবংগত বিজেপিৰ প্ৰাৰ্থীক আক্রমণ 

পশ্চিমবংগত বিজেপিৰ প্ৰাৰ্থীক আক্রমণ 

ৰঙিলী বাৰ্ত্তাসেৱা-  লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত  দেশৰ ৫৮টা সংসদীয় সমষ্টিত ভোটগ্রহণ হয়। পশ্চিমবংগত বিক্ষিপ্ত হিংসাক বাদে বাকী পাঁচ ৰাজ্য/কেন্দ্রীয়শাসিত অঞ্চলত প্রায় শান্তিপূর্ণভাৱে ভোটগ্রহণৰ সামৰণি পৰে। কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত পুৱাৰে পৰা আৰম্ভ হোৱা ভোটগ্রহণ প্রচণ্ড গ্রীষ্মপ্ৰৱাহৰ বাবে লেহেমীয়া আছিল যদিও পিছলৈ কিছু গতি লয়। অৱশ্যে আশানুৰূপভাৱে বিগত বৰ্ষৰ তুলনাত ভোটৰ হাৰ বৃদ্ধি নাপালে। ষষ্ঠ পর্যায়ত ৰাজধানী দিল্লীৰ আটাইকেইটা সমষ্টি মুঠ ৭টা সমষ্টিত পুৱাৰে পৰা ভোটগ্রহণ আৰম্ভ হয়। ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমাৰ এছ জয়শংকৰ, নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰকে ধৰি শীৰ্ষ ৰাজনীতিক তথা চেলিব্রিটীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। কংগ্ৰেছৰ প্ৰাক্তন সভানেত্রী ছোনিয়া গান্ধী, প্রাক্তন সভাপতি ৰাহুল গান্ধী, দলটোৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্রা, ক্রিকেটাৰ, ৰাজনীতিক গৌতম গম্ভীৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, মুখ্যমন্ত্ৰীৰ পত্নী সুনীতা কেজৰিৱাল, আপৰ মন্ত্ৰী অতিশীকে ধৰি দিল্লীৰ প্রার্থীসকলে ভোটদান কৰে। ৫৪৩টা লোকসভা সমষ্টিৰ ভিতৰত ৬টা পৰ্যায়ত ৪৮৬টা সমষ্টিত ভোটগ্রহণ হৈ যায়। অহা ১ জুনত বাকী থকা ৫৭টা সমষ্টিত ভোটগ্রহণ হ’ব। উল্লেখ্য যে বিগত পাঁচটা পৰ্যায়ৰ দৰেই ষষ্ঠ পৰ্যায়তো পশ্চিমবংগত ভোটগ্রহণৰ সময়ত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হয়। পশ্চিমবংগৰ ঝাৰগ্ৰাম সমষ্টিৰ বিজেপি প্রার্থী প্রাণট টুডুক একাংশ লোকে আক্রমণ কৰে। পশ্চিম মেদিনীপুৰ গাৰবেটা অঞ্চলত বিজেপি কর্মীয়ে ভোটগ্রহণ কেন্দ্রত নিয়ম উলংঘা কৰা বুলি নির্বাচন আয়োগক অভিযোগ দিবলৈ গৈ থাকোঁতে বিজেপি প্রার্থী টুডুৰ কনভয়ত আক্রমণ চলোৱা হয়। এই আক্ৰমণত প্রার্থীগৰাকীৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী এজন আহত হৈ চিকিৎসালয়ত ভর্তি হ’বলগীয়া হৈছে। বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ এই আক্ৰমণৰ লগত তৃণমূল কংগ্রেছ জড়িত বুলি অভিযোগ কৰিছে।