পল্টন বজাৰৰ হোটেল বৃন্দাবনত চাঞ্চল্যকৰ ঘটনা

Pc Mouthshut.com

পল্টন বজাৰৰ হোটেল বৃন্দাবনত চাঞ্চল্যকৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ হোটেলত চাঞ্চল্যকৰ ঘটনা। পল্টন বজাৰৰ বৃন্দাবন হোটেলত সংঘটিত হয় এক ঘটনা। সৰ্থেবাৰীৰ অৰিজিৎ ডেকা নামৰ এজন যুৱকে হোটেলখনৰ ২০২ নম্বৰ কোঠাত চিলিং ফেনত নিজৰ বেল্টেৰে চিপ লৈ আত্মহত্যা কৰে। আত্মহত্যা কৰাৰ সময়ত যুৱকজনৰ লগত আছিল তেওঁৰ প্ৰেমিকা। আত্মহত্যাৰ পূৰ্বে প্ৰেমিকাৰ সৈতে কাজিয়াত লিপ্ত হৈছিল অৰিজিৎ। সেই কাজিয়াৰ পৰিণতিত আত্মহত্যাৰ দৰে চৰম পথ বাচি লয় অৰিজিতে। অৰিজিতে এই পথ বাচি লোৱাৰ কথা ফোনেৰে তেওঁৰ জ্যেষ্ঠ ভগ্নীক অৱগত কৰে অৰিজিতৰ প্ৰেমিকাগৰাকীয়ে। তাৰ ঠিক এঘণ্টাৰ পাছতে হোটেলখনত উপস্থিত হয় তিনিজন যুৱক। সেই যুৱককেইজনৰ সৈতে প্ৰেমিকাগৰাকীয়ে অৰিজিতক লৈ যায় আৰ্য হাস্পতাললৈ। চিকিৎসকে অৰিজিতক মৃত বুলি ঘোষণা কৰে।