পলাশবাৰীৰ ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড.দিনমণি কলিতাৰ মইমতালিৰ বাবে ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ তীব্ৰ বিতৰ্ক
প্ৰাক্তন ছাত্ৰ সন্মিলনী আৰু বৃহত্তৰ ৰামপুৰ যুৱ ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ পত্ৰ প্ৰেৰণ
মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ বাচনি কৰা সন্দৰ্ভত তীব্ৰ বিতৰ্কৰ সূচনা হৈছে। এক প্ৰকাৰ এই মহাবিদ্যালয়খনৰ অধ্যক্ষ ড.দিনমণি কলিতাৰ চৰম পক্ষপাতমূলক কথাৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এনে কাৰ্যক লৈ এই ৰামপুৰ অঞ্চলটোৰ লগতে মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে।উল্লেখ্য যে ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন যোৱা ৬ নৱেম্বৰত অনুষ্ঠিত হৈ যায়। অৱশ্যে কেইবাটাও পদত কোনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগ নবঢ়োৱাত খালী হৈ থকা পদৰ বাবে যোৱা ১৬ নৱেম্বৰত মহাবিদ্যালয় কৰ্তপক্ষই ছাত্ৰ-ছাত্ৰী সকলৰ লগত এখন সভা অনুষ্ঠিত কৰে। এই পদ সমূহৰ বাবে বাচনি প্ৰক্ৰিয়া আৰম্ভ কৰি আজি ১৮ নৱেম্বৰত মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই নিৰ্বাচিত প্ৰাৰ্থীসকলৰ নাম মহাবিদ্যালয়খনৰ জাননী ফলকত আঁৰি দিয়ে। এই ঘটনাৰ পিচতে আজি মহাবিদ্যালয়খনত এক বিতৰ্কৰ সূচনা হয়। অভিযোগমতে,এই মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাত ২০২২-২৩ বৰ্ষৰ সাধাৰণ সম্পাদক আছিল হিৰণ্য দাস। তেনেস্থলত এইবেলি ২০২৪-২৫ বৰ্ষৰ বাবে আলোচনী সম্পাদক পদৰ বাবে পুনৰ হিৰণ্য দাসক বাচনি কৰা হয়। এই কথা ফাদিল হোৱাৰ পিছতে মহাবিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰী সকলে ইয়াৰ তীব্ৰ আপত্তি দৰ্শোৱাৰ লগতে অধ্যক্ষলৈ লিখিত পত্ৰ প্ৰেৰণ কৰে। আন এক অভিযোগ মৰ্মে, মহাবিদ্যালয়খনত সাধাৰণ সম্পাদকৰূপে থকা অৱস্থাত হিৰণ্য দাসে নৱাগত আদৰণী সভাৰ হিচাপ নিকাচ নিদিয়াৰো অভিযোগ তোলে। আন এটি গুৰুত্বপূৰ্ণ কথা যে লিণ্ডো কমিটিৰ নিৰ্দেশনা অনুসৰি কোনো প্ৰাৰ্থীয়ে এবাৰহে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰিব বা কাৰ্যনিৰ্বাহ কৰিব পাৰিব। তেনেক্ষেত্ৰত নিবাচনী সমিতিৰ আন সদস্য সকলৰ আপত্তি থকাৰ পিছতো মহাবিদ্যালয় অধ্যক্ষ ড° দিনমণি কলিতাই এক প্ৰকাৰ নিজৰ মইমতালিৰে হিৰণ্য দাসকে পুনৰ বাচনি কৰাক লৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীয় আৰু বৃহত্তৰ ৰামপুৰ যুৱ- ছাত্ৰ সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে লগতে এই নিৰ্বাচনত হোৱা অনিয়মৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে। লগতে তেওঁলোকে এই ঘটনাৰ হস্তক্ষেপ দাবী তোলে। বিষয়টো পুনৰ দৃষ্টিগোচৰ কৰিবলৈ বিধায়ক হেমাংগ ঠাকুৰীয়ালৈও দাবী তোলে।