পলাশবাৰীৰ ভোলাগাঁৱত তিনি যুৱকৰ পথ দুৰ্ঘটনাত মৃত্যু

পলাশবাৰীৰ ভোলাগাঁৱত তিনি যুৱকৰ পথ দুৰ্ঘটনাত মৃত্যু

বৰদুৱাৰ বাগান,জুপাংবাৰী অঞ্চলত গভীৰ শোকৰ ছাঁ

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা-  পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত অসম মালা অধীনৰ মিৰ্জা-চানডুবি পথৰ ভোলাগাঁওত পৰহি নিশা এক পথ দুৰ্ঘটনাত তিনিজন যুৱকৰ মৃত্যু সংঘটিত হয়। খবৰ মতে, এই তিনি যুৱক ক্ৰমে বৰদুৱাৰ বাগানৰ দুই নং জুপাংবাৰী নিৱাসী বাবলু ৰাভা ওৰফে অৰূপজ্যোতি ৰাভা (১৮), নৱদ্বীপ ৰাভা(১৮) আৰু প্ৰশান্ত ৰাভা(১৯) বুলি চিনাক্ত কৰা হয়। সেইদিনা নিশা এই তিনি যুৱকে স্কুটীৰে আহি থকা সময়ত ভোলাগাঁৱৰ সমীপত এক দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লয়। ঘটনাস্থলীতে দুজনৰ মৃত্যু ঘটাৰ বিপৰীতে এজনৰ জিএমচিএইচত মৃত্যু ঘটে বুলি একাংশ লোকে মত প্ৰকাশ কৰে। কালি বিয়লিৰ ভাগত এই তিনি যুৱকৰ মৃতদেহ জিএমচিএইচৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ কৰি ঘৰলৈ অনাৰ সময়ত অঞ্চলটোত এক শোকাকূল পৰিৱেশৰ সৃষ্টি হয়। ৰাইজে এই তিনি যুৱকৰ শেষকৃত্য সম্পন্ন কৰে। উল্লেখ যে, অসম মালা অধীনৰ মিৰ্জা চানডুবিৰ সংলগ্ন এই ভোলাগাঁওৰ লগতে এই সমগ্ৰ পথছোৱাত বিভিন্ন কাৰণত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱাই নহয়, যানবাহন আৰোহী, পথচাৰীয়ে এইদৰে মৃত্যুক আকোৱালি লৈ আহিছে।এই পথছোৱাত ঠায়ে ঠায়ে বালি,শিল,মাটিভৰ্তি যানবাহন অতি বিপদজনকভাৱে ৰখাই থোৱাই নহয়,এই পথছোৱা ধূলি বালিৰে পোত গৈছে। আনকি অঞ্চলটোত বিভিন্ন যানবাহনৰ দৌৰাত্ম্য দৌৰাত্ম্য অব্যাহত আছে যদিও আৰক্ষী প্ৰশাসনে নাকি লগাবলৈ সক্ষম হোৱা নাই।