পলাশবাৰীত দুই মটৰচাইকেল চোৰক আটক
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰত বৰ্তমান চোৰৰ টিঘিলঘিলনী,চোৰৰ চৰণীয়া পথাৰত পৰিণত হৈছে দক্ষিণ কামৰূপৰ বৃহত্তৰ অঞ্চল ৷ দিনেনিশাই চোৰ ডকাইটিৰ দ্বৰে ঘটনা সংঘটিত হৈ আছে দক্ষিণ কামৰূপত । দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ ঠায়েঠায়ে উদ্যোগ প্ৰতিষ্ঠান সমূহ গঢ় লৈ উঠিছে যাৰফলত উদ্যোগ সমূহত বহিঃৰাজ্যৰ বিভিন্ন ঠাইৰ কৰ্মচাৰীৰ প্ৰৱেশ ঘটিছে পলাশবাৰী সমষ্টিত ৷ অজ্ঞাত অচিনাকি চোৰডকাইতি কিছুমানে উদ্যোগ সমূহত কৰ্মচাৰীৰ ভেশছন ধৰি এই অঞ্চলৰ ঘৰদুৱাৰ তদাৰক কৰি ফুৰে আৰু সময়- সুবিধা বুজি চুৰিকাৰ্য সংঘটিত কৰে ৷ গাড়ী,গাড়ীৰ বেটাৰী,আঅলংকাৰ, ৰন্ধন গেছ ঘৰৰ বাচনবৰ্তন, কাঁহীবাটি পৰ্যন্ত সাৰি নেযায় চোৰৰ দৃষ্টিৰ পৰা ৷ সমান্তৰালভাৱে গুৱাহাটীৰ কামাখ্যা কলনীত চুৰি হোৱা মটৰচাইকেল সহ দুই চোৰ আজি ২৪ ফেব্ৰুৱাৰী সোমবাৰে পলাশবাৰীৰ বজৰাপাৰাত উদ্ধাৰ হয় ৷আজি ৰাতিপুৱা গুৱাহাটীৰ কামাখ্যা কলনীৰ পৰা চুৰি হৈছিল এ এচ ০১ ই এ ৫৮৯১ নম্বৰৰ মটৰচাইকেলখন ৷ চুৰি হোৱাৰ পিছতেই মটৰ চাইকেলৰ গৰাকীয়ে জালুকবাৰী আৰক্ষী চকীত অৱগত কৰে৷ আৰু মটৰ চাইকেলৰ গৰাকীজনে জিপিএছৰ মাধ্যমৰ সহায়েৰে লগতে পলাশবাৰী আৰক্ষী চকীৰ সহায়ত দুই চোৰ সহ মটৰ চাইকেল খন পলাশবাৰী বজাৰাপাৰাৰ মুকুট কলিতাৰ মিঠাই কাৰখানাৰ পৰা উদ্ধাৰ কৰে ৷ মটৰ চাইকেল খনৰ দুই চোৰ ক্ৰমে ৰঞ্জিত দত্ত আৰু দিপক দত্ত ৷ চোৰ দুজন পলাশবাৰী বজাৰাপাৰাৰ মুকুট কলিতাৰ মিঠাই কাৰখানাত মিঠাই প্ৰস্তুতকাৰী হিচাপে কৰ্মৰত আছিল ৷ মটৰচাইকেলখন উদ্ধাৰ কৰাৰ লগতে পলাশবাৰী আৰক্ষীৰ সহযোগত দুই চোৰক কৰায়ত্ব কৰি জালুকবাৰী আৰক্ষী চকীলৈ লৈ যায় ৷ এতিয়া প্ৰশ্ন হয় চোৰডকাইতৰ এই টিঘিলঘিলনী ৰোধ কৰিব পাৰিব নে আৰক্ষী তথা প্ৰশাসনে? নে ৰাইজে চোৰডকাইতৰ আতংকত অনিদ্ৰাই পাৰ কৰিব লাগিব দিনৰাতি সৰ্বসাধাৰণৰ মাজত সৰ্বত্ৰে এতিয়া চৰ্চাৰ বিষয় ৷