পথৰুঘাটত কৃষক শ্বহীদ দিৱস আৰু ৰাইজমেলাৰ আয়োজন

পথৰুঘাটত কৃষক শ্বহীদ দিৱস আৰু ৰাইজমেলাৰ আয়োজন

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- অহা ২৬,২৭,২৮ আৰু ২৯ জানুৱাৰীত দৰং জিলাৰ পথৰুঘাটৰ কৃষক শ্বহীদ সমাধিক্ষেত্ৰত কৃষক শ্বহীদ দিৱস উদযাপন আৰু ৰাইজমেলা অনুষ্ঠিত হ’ব। দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত ১৯ জানুৱাৰীত অনুষ্ঠিত এখন সংবাদমেলত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে কয় যে অসম চৰকাৰৰ কৃষি বিভাগ আৰু দৰং জিলা প্ৰশাসনৰ সৌজন্যত, দৰঙী ৰাইজৰ সহযোগত পথৰুঘাট ৰণৰ মহান কৃষক শ্বহীদসকলৰ সশ্ৰদ্ধ সোঁৱৰণত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিধায়ক ড০ ৰাজবংশীয়ে সংবাদমেলত কয় যে এই চাৰিদিনীয়া আয়োজনৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন,ৰচনা আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও প্ৰদৰ্শনী, যুৱ বক্তৃতা, সাংবাদিকসকলৰ মত বিনিময় আদি অনুষ্ঠানৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও আয়োজন কৰা হৈছে। ২৮ জানুৱাৰীৰ দিনা পথৰুঘাটৰ কৃষক শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ হ’বলগীয়া স্মৃতি সৌধৰ ভূমি পূজন অনুষ্ঠিত হ’ব। কৃষক শ্বহীদ দিৱস উদযাপন আৰু ৰাইজমেলাৰ তৃতীয় দিনা অসম চৰকাৰৰ কৃষি বিভাগৰ হৈ জনসংযোগ বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা পথৰুঘাটৰ কৃষক বিদ্ৰোহ সংক্ৰান্তীয় তথ্য চিত্ৰ মুকলি কৰা হ’ব বুলি বিধায়কগৰাকীয়ে সাংবাদিক সকলক জানিবলৈ দিয়ে। এই কাৰ্যসূচীসমূহত অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বিশিষ্ট সাহিত্যিক, জেষ্ঠ্য সাংবাদিক, শিল্পীৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি বিধায়কগৰাকীয়ে কয় ।