পথাৰ
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
আলি কেঁকুৰিটোত ৰৈ ৰলাগি চাওঁ
ভাল লাগে কাণত হুৰহুৰাই যোৱা চৰাইজাক
বহুকথা নোকোৱাকৈ বুজোৱা পথাৰখনক
সেউজীয়া পথাৰৰ ৰিব্ৰিব্ বতাহ জাকে
অশান্ত হৃদয়ত বা লাগে নিভাঁজ মৰমৰ
গোপনে একোণত সাঁচি ৰাখোঁ প্ৰাপ্তিৰ প্ৰশান্তি।
সেউজীয়াতে স্বপ্নবিভোৰ গ্ৰাম্য সমাজ
খেতিয়কৰ দুহাত কৰ্ষণত
উদঙ পথাৰে সুহুৰি বজায়
সেউজীয়া পথাৰে আনে একাঁজলি আশা
পথাৰৰ বোকা মাটিক সাক্ষী কৰি
শইচ সিঁচি কঠিয়া ৰুৱে এগুজি দুগুজি কৰি
পিতাইৰ নাঙলৰ মুঠিতে প্ৰাণঢালি দলিচা পৰে
সেউজীয়াই পিন্ধে হালধীয়া বসন।
নাঙলৰ সীৰলুত কত পিতাইৰ পৰিকল্পনা
চেঁচুৰ পমা হোলাঙেৰে খন্দা সময়বোৰত
অকৃত্ৰিম পথাৰৰ ৰাগি
আইৰ জলপানৰ বাতিত ভীমকলৰ পিঠাগুড়িয়ে
মোক খা কৰি পথাৰৰ আলিৰ ঢাপতে বহে
পিতাই হেঁপাহেৰে পথাৰৰ গোন্ধতে গ্ৰহণ কৰে
পথাৰ আৰু পিতাইৰ গভীৰ সম্বন্ধ।
পথাৰে শক্তি দিয়ে মধ্যবিত্তক
ঘামে ধোওঁৱা পথাৰখন অতিকৈ আপোন
অবুজ শ্ৰদ্ধাৰে অন্তৰেৰে ভালপাওঁ,
পোক-পৰুৱা নাশ হৈ
সুখেৰে ওপচিব সোণগুটিৰ ভঁৰাল
লখিমী আইক জনাও প্ৰাণভৰি প্ৰাৰ্থনা।