পথাৰে মাতে ৰিঙিয়াই
জাক জাক বৃষ্টিৰ কণিকা
চুমিছে মোৰ উপত্যাকা,
বোকা লগা দুভৰিৰ চাপ
আজি পথাৰলৈ যায়
পথাৰে মাতে ৰিঙিয়াই।
কাম মাথোঁ কাম
মুঠি মুঠি কঠীয়া
ৰোৱা-তোলা-আলিকটা,
জালিকটা বেৰৰ সুৰুঙাৰে
সূৰুয কিৰণ ঢুকি নোপোৱাতে
জাগৃত ব্যস্ততা।
ক্লান্তি পি খাব পৰা যায়,
গচকত ডুবি মৰে
কংকালৰ আৰ্তনাদ
তথাপি মন উন্মাদ,দেহো উন্মাদ,
পথাৰে যে মাতে ৰিঙিয়াই।
সেউজৰ পৰশে বুলিযোৱা
স্বপ্নভ্ৰষ্টা মোৰ দুহাতৰ কঠিন মুঠি,
দুওঁঠ ৰঙা কৰা তামোলৰ স্বাদতো
লহৰ ভাহে সুৰৰ সেউজী সেউজী।
নাচে কলীয়া ডাৱৰ
আবৃত নীলগগন
মগন এতিয়া মগন
পথাৰে যে মাতে ৰিঙিয়াই ৰিঙিয়াই।
পাৰ্থপ্ৰতীম শৰণীয়া
তামুলপুৰ