পণ্ডিত দিনেশ্বৰ শৰ্মাৰ ওপজা দিনত চতুৰ্থ বাৰ্ষিক দৰং দিৱস উদযাপন

পণ্ডিত দিনেশ্বৰ শৰ্মাৰ ওপজা দিনত চতুৰ্থ বাৰ্ষিক দৰং দিৱস উদযাপন

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা- ১৮৯৪ চনৰ ৯ জুলাইত জন্ম গ্ৰহণ কৰা দৰঙী সন্তান ,স্বাধীনতা সংগ্ৰামী বিশিষ্ট পণ্ডিত দীনেশ্বৰ শৰ্মাৰ ওপজা দিনৰ শ্ৰদ্ধা নিবেদন কৰি যোৱা ৰবিবাৰে চতুৰ্থ বাৰ্ষিক দৰং দিৱস উদযাপন কৰা হয় । দৰং দিৱস উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে ৰাতিপুৱা পণ্ডিত জনাৰ ছিপাঝাৰ ব্যাসপাৰা স্থিত সমাধিক্ষেত্ৰৰ আবক্ষ প্ৰতিমূৰ্ত্তিত মাল্যাপণ ও শ্ৰদ্ধা নিবেদন,দিনৰ ভাগত কৃষক শ্বহীদ সমাধিক্ষেত্ৰ, পথৰুঘাটত ভিন্ন কাৰ্যসূচী আৰু সন্ধিয়া মঙ্গলদৈ বৰপুখুৰীৰ পাৰত বিশেষ বন্তি প্ৰজ্বলন কাৰ্যসূচী পালন কৰা হয়। উল্লেখ্য যে ‘মঙ্গলদৈৰ বুৰঞ্জী’ ৰ লগতে পথৰুঘাটৰ ৰণ সহ কেবাখনো গ্ৰন্থৰ প্ৰণেতা বিদগ্ধ পণ্ডিত জনাৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে বিশিষ্ট চিকিৎসক ডাঃনৰেশ্বৰ শৰ্মা, নিৱন্ধকাৰ অনিল শৰ্মা, অৱসৰী অধ্যক্ষ কুলেন্দ্ৰ নাথ ডেকা, অৱসৰী শিক্ষা বিষয়া মাধৱ শৰ্মা, অৱসৰী অভিযন্তা কেশৱ শৰ্মা, সমাজসেৱী, শিক্ষক হিতেশ হাজৰিকা, সাংবাদিক ভাৰ্গৱ কুমাৰ দাস, অধিবক্তা হবিবৰ ৰহমান, সমাজসেৱী নৱ ডেকা আদিৰ লগতে পণ্ডিত দীনেশ্বৰ শৰ্মাৰ পৰিয়াল বৰ্গৰ উদ্যোগত উক্ত কাৰ্যসূচীৰ সফল ৰূপায়ন হয়। ইয়াৰোপৰি দৰং দিৱসৰ সৈতে সংগতি ৰাখি প্ৰবীণ সাংবাদিক, অসম সাহিত্য সভাৰ ছিপাঝাৰ অধিৱেশনৰ সভাপতি কনকসেন ডেকালৈ ‘সমাজ শিৰোমণি’ বটাঁ প্ৰদান কৰা হয়। বিগতবৰ্ষত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত বিজ্ঞানী দৰঙী সন্তান ড° অতুল চন্দ্ৰ শৰ্মাই এই সন্মান লাভ কৰিছিল। কৃষক শ্বহীদ সমাধিক্ষেত্ৰ, পথৰুঘাটত আয়োজিত অনুষ্ঠানত পথৰুঘাটৰ ৰণৰ ২৭ গৰাকী কৃষক শ্বহীদ পৰিয়ালৰ সদস্যক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।তিনিটা পৰ্যায়ত অনুষ্ঠিত দিনজোৰা কাৰ্যসূচীত জিলা তথা ভিন্ন প্ৰান্তৰ বিভিন্ন ক্ষেত্ৰৰ কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।