পঞ্জাৱ কিংছৰ হাতত ৫ উইকেটত পৰাস্ত ৰাজস্থান ৰয়েলছ

পঞ্জাৱ কিংছৰ হাতত ৫ উইকেটত পৰাস্ত ৰাজস্থান ৰয়েলছ

ৰঙিলী বাৰ্ত্তাসেৱা-  পঞ্জাৱ কিংছৰ হাতত ৫ উইকেটত পৰাস্ত ৰাজস্থান ৰয়েলছ। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত প্ৰথমে বেটিং কৰি ৰাজস্থান ৰয়েলছে পঞ্জাৱ কিংছৰ সমুখত ১৪৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে। ৰাজস্থান ৰয়েলছে জয়ৰ বাবে বান্ধি দিয়া ৰানৰ লক্ষ্য অনুসৰণ কৰিব আহি অধিনায়ক ছেম কৰনৰ অপৰাজিত ৬৩ ৰানৰ সহায়ত পঞ্জাবে ১৮.৫ অভাৰত ৫টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়।ৰিলী ৰ’ছ’উৱে ২২ আৰু জিতেশ শৰ্মাই ২২ ৰানৰ অৰিহণা আগবঢ়ায়। আশুতোষ শৰ্মাই ১৭ ৰান কৰি অপৰাজিত হৈ থাকে। জ’নী বেয়াৰষ্ট’ৱে ১৪ ৰানৰ বৰঙণি আগবঢ়ায়। ৰাজস্থানৰ হৈ আভেছ খান আৰু যুজবেন্দ্র চাহাল উভয়ে দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ আহি অসম সন্তান ৰিয়ান পৰাগৰ ৪৮ ৰানৰ সহায়ত ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৪৪ ৰান সংগ্ৰহ কৰে। ৰিয়ান পৰাগৰ বাহিৰে পঞ্জাব কিংছৰ বলাৰৰ সন্মুখত ৰাজস্থান ৰয়েলছৰ কোনো এজন বেটাৰে দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম নহ’ল। দলীয় স্ক’ৰ ৪২ ৰানতে তিনিজনকৈ আগশাৰীৰ বেটাৰক হেৰুৱাই বিপদত পৰে দলটো। অ’পেনাৰ যশস্বী জয়ছোৱালে ৪, ট’ম ক’লেৰ- কাডম ‘ৰেই ১৮ আৰু অধিনায়ক সঞ্জু ছেমছনেও ১৮ ৰান কৰি বিদায় লয়। চতুর্থ স্থানত বেটিং কৰিবলৈ অহা ৰিয়ান পৰাগে ৰবিচন্দ্ৰন অশ্বিনৰ সৈতে লগ লাগি দলক বিপদৰ পৰা কিছু পৰিমাণে উদ্ধাৰ কৰে। দুয়োৱে চতুর্থ উইকেটত ৫০ ৰান সংগ্ৰহ কৰে। অশ্বিনে ১৯টা বলত তিনিটা চাৰি আৰু এটা ছয়েৰে ২৮ ৰান কৰাৰ বিপৰীতে ৰিয়ানে ৩৪টা বলত ৬টা ছয়েৰে ৪৮ ৰানৰ অৰিহণা আগবঢ়ায়। ইপিনে ধ্রুব জুৰেল (০), ৰ’ভমান পাৱেল (৪) আৰু ড’ন’ভান ফেৰেইৰাই (৭) সম্পূৰ্ণৰূপে ব্যর্থ হয়।  পঞ্জাবৰ হৈ কৰন, হৰ্ষল পেটেল আৰু ৰাহুল চহৰে দুটাকৈ উইকেট লয়। মেচখনত পৰাস্ত হ’লেও প্লে’ অফত প্ৰৱেশ কৰিছে ৰাজস্থান ৰয়েলছে ৷