পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুনীল জাখৰৰ বিজেপিত যোগদান 

pc tribune india

পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুনীল জাখৰৰ বিজেপিত যোগদান 

ৰঙিলী বাৰ্ত্তাসেৱা-  জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটিৰ (পিপিচিচি) প্ৰাক্তন মুৰব্বী সুনীল জাখৰে দিল্লীত দলৰ সভাপতি জে পি নাড্ডাৰ উপস্থিতিত বিজেপিত যোগদান কৰে। তেওঁ শনিবাৰে এটা ফেচবুক লাইভ সম্প্ৰচাৰৰ সময়ত কংগ্ৰেছ ত্যাগ কৰিছিল। পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীক সমালোচনা কৰাৰ বাবে দলীয় নেতৃত্বই তেওঁক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ কেইসপ্তাহমান পিছত জাখৰে পদত্যাগ কৰিছিল।