পঞ্চভূতত বিলীন হ’ল বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ নশ্বৰ দেহ

পঞ্চভূতত বিলীন হ’ল বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ নশ্বৰ দেহ

ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, শংকৰদেৱ বঁটা প্ৰাপক বশিষ্ঠ দেৱশৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰৰ পিছপিনৰ খটখটিৰ পাৰত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়৷ চন্দন কাঠেৰে সজ্জিত চিতাত তুলি দি সত্ৰীয়াগৰাকীৰ পুত্ৰ ভাস্কৰ দেৱশৰ্মাই মুখাগ্নি কৰাৰ পাছতে পঞ্চভূতত বিলীন হৈ পৰে তেওঁৰ নশ্বৰদেহ ৷ শংকৰদেৱ বঁটাপ্ৰাপক বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা জনাবলৈ আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা কেইবা সহস্ৰ লোক সত্ৰনগৰীত সমবেত হয়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰযোগে বৰপেটাত উপস্থিত হৈ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা নিৱেদন কৰে ৷