নৱেম্বৰৰ তৃতীয় সপ্তাহৰ পৰা গুৱাঃ বিশ্ববিদ্যালয়ৰ স্নাতকৰ তিনিটা ষান্মাষিকৰ পৰীক্ষা
ৰঙিলী বাৰ্ত্তাসেৱা- অহা নৱেম্বৰ মাহৰ তৃতীয় সপ্তাহৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় স্নাতক প্ৰথম, তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ পৰীক্ষা সমূহ অনুষ্ঠিত হ’ব। ২৫ ডিচেম্বৰৰ পূৰ্বে এই পৰীক্ষাসমূহ সমাপ্ত হ’ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক দেৱহৰি তালুকদাৰে আজি এই কথা সদৰি কৰি কয় যে ডিচেম্বৰৰ প্রথম সপ্তাহত স্নাতকোত্তৰ শ্ৰেণীসমূহৰ পৰীক্ষা অনুষ্ঠিত হ’ব।