নেহৰু খুড়া , তুমি আহিবানে আকৌ ? – আয়নাল হক

নেহৰু খুড়া , তুমি আহিবানে আকৌ ?
আয়নাল হক,ধুবুৰী 
নেহৰু খুড়া –নেহৰু খুড়া
তোমাৰ জন্মদিনটিৰ বাবে
আমি যে কিমান আগ্ৰহী !
কোৱাচোন–
আমাৰ হেঁপাহবোৰ
তোমাক কিদৰে জনাওঁ আজি ?
তুমিতো গোলাপৰ প্ৰেমিক,
সেয়ে গোলাপ এপাহকে দিলোঁ
তোমাৰ জেপত গুজি
শুভ জন্মদিন বুলি।
তুমি শিক্ষাবিদ, ৰাজনীতিজ্ঞ হৈও
আমাক দিয়া সময়কণ
আমি কেতিয়াও নাযাওঁ পাহৰি।
বিশ্ব ভাতৃত্ববোধ,উদাৰ দৃষ্টিভঙ্গীৰে
তুমিয়েইতো বিশ্ব মানচিত্ৰত
ভাৰতক স্বকীয় মৰ্যদা প্ৰদান কৰিলা।
সেই কথা জানো
কোনোবাই যাব পাহৰি ?
স্বাধীনতা সংগ্ৰামত জপিয়াই পৰি
স্বদেশ প্ৰেমৰ দিছিলা চিনাকি।
তোমাৰ উন্নত লিখনিৰ বাবেই
সন্মানিত হ’লা “ভাৰত ৰত্ন” বুলি।
এজন বিদগ্ধ পণ্ডিত হৈও
আমাৰ প্ৰতি থকা
তোমাৰ মৰমৰ বাবেই
তোমাৰ জন্মদিনটিক নামকৰণ কৰা হ’ল
“শিশু দিৱস” বুলি।
অ’ নেহৰু খুড়া ,
আমাৰ আহ্বান শুনা–
তুমি আকৌ আহিবা
আমি খেলিম বহু কিবাকিবি
আৰু প্ৰতিদিনেই তোমাৰ জেপত দিম
এপাহি গোলাপ ফুল মৰমেৰে গুজি,
তোমাৰ হাঁহিটি বুটলি
আমি থাকিম উলাহত নাচি।