নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম দিন পালন

নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম দিন পালন

ৰঙিলী বাৰ্ত্তাসেৱা- এ আই ডি এছ অ’ ৰ উদ্যোগত  ৰাজ্যজুৰি স্বাধীনতা আন্দোলনৰ আপোচহীন বিপ্লৱী ধাৰাৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিনিধি নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৮ তম জন্ম দিৱস যথাযোগ্য মৰ্যাদাৰে উদযাপন কৰা হয়। সংগঠনৰ উদ্যোগত লখিমপুৰ, তেজপুৰ, যোৰহাট, নগাঁও, দৰং নলবাৰী, গুৱাহাটী, গোৱালপাৰা, ধুবুৰী, কাছাৰ, কৰিমগঞ্জ , হাইলাকান্দি , দক্ষিণ শালমাৰা আৰু মানকাচাৰ জিলাসমূহত নেতাজীৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি,সাংস্কৃতিক শোভাযাত্ৰা লগতে আলোচনা সভা, সাংস্কৃতিক অনুষ্ঠান সহ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। আজি দিনৰ ১০ বজাত গুৱাহাটীৰ উলুবাৰীৰ ভলভ প‌ইন্টৰ সমীপত নেতাজী সুভাষচন্দ্ৰ বসুৰ প্ৰতিকৃতি স্থাপন কৰি অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালিত হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কমচোমল পক্ষৰ পৰা গাৰ্ড অফ অনাৰ জনোৱা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি নেতাজীৰ প্ৰতিকৃতি মাল্যৰ্পন কৰে এ আই ডি এছ অ’ ৰ প্ৰাক্তন ৰাজ্যিক সভাপতি জিতেন্দ্ৰ চলিহাই আৰু সংগঠনৰ গুৱাহাটী জিলা কমিটিৰ সদস্যসকলে। অনুষ্ঠানত অংশগ্ৰহণ কৰি জিতেন্দ্ৰ চলিহাই ছাত্ৰ ছাত্ৰী আগত নেতাজীৰ বিৰল দেশপ্ৰেমিক চৰিত্ৰৰ বিভিন্ন দিশ বাখ্যা কৰে। সাম্প্ৰতিক সময়ত দেশৰ কঠিন ৰাজনৈতিক , অৰ্থনৈতিক আৰু সামাজিক পৰিস্থিতিৰ প্ৰেক্ষাপটত চৰকাৰী পৃষ্ঠপোষকতাত দেশৰ অভ্যন্তৰত চলি থকা সাম্প্ৰদায়িক বিভাজন প্ৰতিহত কৰিবলৈ নেতাজীক যথাযথভাৱে চৰ্চাৰ কৰাৰ বাবে তেওঁ আহ্বান জনায়। এ আই ডি এছ অ’ , এ আই এম এছ এছ’ৰ নগাঁও জিলাৰ পক্ষৰ পৰা আয়োজিত নেতাজী সুভাষচন্দ্ৰ বসুৰ জন্ম দিৱস উদযাপনৰ কাৰ্যসূচীত উপস্থিত থাকি এ আই ডি এছ অ’ৰ ৰাজ্যিক সভাপতি প্ৰজ্জ্বোল দেৱে কয় যে নেতাজীয়ে বিচৰা সাম্যৰ ভিত্তিত গঢ়ি উঠা শোষণহীন স্বাধীনতা ভাৰতবৰ্ষৰ সপোন আজিও অপূৰিত। এই অপূৰিত সপোন পূৰণ কৰাৰ উদ্দেশ্যে সন্মুখত ৰাখি যদি নেতাজী জয়ন্তী উদযাপন কৰো তেতিয়া অনুষ্ঠান সাৰ্থক হৈ উঠিব। অন্যথাই কেৱল আনুষ্ঠানিকতাহে হ’ব। তেওঁ কয় নেতাজীয়ে বিচৰা শোষণহীন সমাজ,সকলোৰে সমান অধিকাৰ থকা ধনী – দুখীয়া নথকা সমাজ, ধৰ্ম নিৰপেক্ষ ভাৰতবৰ্ষ কেৱল যে অপূৰিত হৈছে এনে নহয় , ই সম্পূৰ্ণভাবে ভূলুন্টিত হৈছে। স্বাধীনতাৰ পাছত দেশৰ সম্পদৰ সিংহভাগ দেশৰ শাসক পুঁজিপতি গোষ্ঠীয়ে আত্মসাৎ কৰি প্ৰতিদিন দুখীয়া সাধাৰণ মানুহৰ ওপৰত নিৰ্মম শোষণৰ স্টিমৰোলাৰ চলাইছে। আজি উন্নত নীতি নৈতিকতাৰ আধাৰত ছাত্ৰ আন্দোলন গঢ়ি তুলিবলৈ হ’লে নেতাজী সুভাষচন্দ্ৰ বসুৰ জীবন সংগ্ৰামক পাথেয় হিচাপে লৈ আগবাঢ়িব লাগিব বুলি তেওঁ দৃঢ় অভিমত ব্যক্ত কৰে।