নীলা আকাশখন – লক্ষীপ্ৰিয়া দাস

PC - Dreamstime.com

নীলা আকাশখন…

লক্ষীপ্ৰিয়া দাস, পঞ্চম শ্ৰেণী
ৰবিগাঁও মধ্য ইংৰাজী বিদ্যালয়, টীয়ক,যোৰহাট

পুঁৱাৰ বেলিয়ে নীল আকাশত ৰং সানিছে
ইটো-সিটোকৈ ডাৱৰে লুকা-ভাকু খেলিছে
কিমান যে ধুনীয়া নীলা আকাশখন
চালে চাই থাকিবৰ যায় মোৰ মন।
লাহে লাহে বেলিটোৱে পশ্চিমলৈ ঢল গৈছে
দিনটো যেন সকলোৰে কাৰণে শেষ হৈছে।
নীলা আকাশত উৰি ফুঁৰা চৰাইজাকেও
নিজৰ বাহলৈ ঢাপলি মেলিছে।