নীলাচল জাতীয় বিদ্যালয়ৰ পৰা জ্ঞানপীঠ বঁটা প্ৰাপক কবি নীলমণি ফুকনলৈ অভিনন্দন পত্ৰ

নীলাচল জাতীয় বিদ্যালয়ৰ পৰা জ্ঞানপীঠ বঁটা প্ৰাপক কবি নীলমণি ফুকনলৈ অভিনন্দন পত্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  নীলাচল জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা জ্ঞানপীঠ বঁটা প্ৰাপক কবি,সাহিত্যিক, সমালোচক নীলমণি ফুকনক মালিগাঁও, পেট্ৰলপাম্পস্থিত বাসগৃহত বিদ্যালয়ৰ কিছু সংখ্যক ছাত্ৰ-ছাত্ৰী তথা শিক্ষয়িত্ৰী উপস্থিত হৈ আগন্তুক ৰঙালী বিহুৰ ওলগ জনোৱাৰ লগতে  ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ লাভ কৰা বাবে এখন লিখিত অভিনন্দন পত্ৰ প্ৰদানেৰে সম্ভাষণ জনোৱা হয়৷ অভিনন্দন পত্ৰ প্ৰদানৰ প্ৰাক্-মুহূৰ্তত  এখন গামোচা প্ৰদান কৰে বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী হিমাশ্ৰী শৰ্মাই৷অভিনন্দন পত্ৰখন পাঠ কৰে বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ নীতিজ্ঞ ৰাজ নন্দনে৷নীলমণি ফুকনক উদ্দেশ্যি অভিনন্দন সূচক বক্তব্য ৰাখে বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কলিতাই৷এই অভিনন্দন অনুষ্ঠানটিত সহযোগিতা আগবঢ়াই বিদ্যালয়ৰ আন এগৰাকী ছাত্ৰী মীনাক্ষী দেৱীয়ে, আনহাতে শিক্ষক-শিক্ষয়িত্ৰী সকলৰ ফালৰ পৰা সহযোগিতা আগবঢ়াই চিন্ময়ী গোস্বামী আৰু সংগীতা ঠাকুৰীয়াই৷