নীলাখামৰ চিঠি
(জন্মদিন উপলক্ষে)
সুনম বিশ্বাস (প্ৰিয়ম)
গোৰেশ্বৰ, তামুলপুৰ
মৰমৰ
ভণ্টি,
তোলৈ এসোপামান মৰম যাচিছোঁ। আশা কৰো ভালে আছা। মইয়ো আছো, জীৱনটো মাথো মা যোৱাৰ পিছৰ পৰা কটাইছো ,আকাশ খন কলীয়া ডাৱৰে ছানি ধৰিছে । ওঁঠত এটা বাধ্যতামূলক হাঁহি লৈ থাকো । ভাল নালাগে সকলোৰে উত্তৰবোৰ দিবলৈ, মন নোযোৱা হৈছে, খুব ক্লান্ত হৈ পৰিছোঁ। ভালো থকাৰ অভিনয়টো সমাজৰ বিশাল বঙ্গমঞ্চত অব্যাহত ৰাখিছো। কাকনো কম হৃদয়ৰ একুকি দুখৰ গল্প! পৃথিৱীখন দেখিবলৈ যেনেকুৱা ,প্রকৃতার্থত তেনে নহয়, মৰভূমিৰ কেকটাছৰ দৰে কাঁইটীয়া হৃদয়ৰ লোকেৰে ভৰপূৰ। সকলোৰে আগত হিয়া উদঙাই দুখৰ কবিতাবোৰ গাই শুনাব নোৱাৰি, চকুৰ পচাৰতে খাই পাত ফলাৰ দৰে ৰূপ সলনি কৰি দিয়ে, সুযোগ বুজি দুৰ্বলতাবোৰ অস্ত্র হিচাপে ব্যৱহাৰ কৰি জীবন্ত শ বনাই দিয়ে।জীয়াই থকাৰ কৌশলটো মাৰ পৰা অলপ আয়ত্ব কৰিছিলো, সেয়ে দুখোজ পিছুৱাই থাকো তেনে মানুহৰ সংগৰ পৰা। কিন্তু মনৰ কথাবোৰ প্রিকাশ কৰিব নোৱাৰো যে সেয়ে বুকুখন দুখৰ বোজাত ফেনৰ দৰে উফন্দি উঠিছে। তোৰ ওচৰতো ক’ব নোৱাৰো, সৰু তই, মনটো এতিয়াও লৰালিকালৰ ধেমালিৰ দৰে ৷ ঘৰৰ ডাঙৰ জী বুলি সুযোগ পালেই নিত্য কর্মৰ পৰা আদি কৰি সাংসাৰিক কাম -কাজ, ৰীতি- নীতিৰ শিক্ষা দিয়াৰ পৰা মা বিৰত নাছিল, সেয়ে অলপ শিকিছো। মা থাকিলে আজিলৈ হয়তো আৰু বহুত আগুৱাই যাব পাৰিলোহেঁতেন নিয়তিৰ কৰাল সোঁতে উটুৱাই লৈ গ’ল মাক।পৃথিৱীৰ অসুখখিনি নিবলৈ সাধ্য নইল যমদূতৰ।
শুন, যিয়েই নহওঁক, মাত্র এটা বহুদিনীয়া ইচ্ছাপূৰণার্থে তোলৈ একলম লিখিবলৈ বহিছো। -“তোৰ এটা ডাঙৰ আব্দাৰ আছিল নহয় ,মাৰ ওপৰত? ঘৰৰ ডাঙৰ জী বুলি মোৰ উপজা দিনটো পালন কৰে বুলি তোৰ অলপ হিংসা হৈছিল। অভিমানৰ টোপোলাখন বুকুত বান্ধিলৈ নিস্তেজ হাঁহি এটা লৈ মোৰ জন্মদিনত অংশ গ্রহণ কৰা; ঠিকেই, কিন্তু তোৰ অন্তৰাত্মা কান্দি উঠে সেয়া বাৰুকৈয়ে উপলব্ধি কৰো। মা, ভাবি থৈছিল এই বছৰ ১০ ডিচেম্বৰ তোৰ জন্মদিনটো পালন কৰিব বুলি । কিন্তু সুখকণ উপভোগ কৰাৰ আগতেই মা আকাশৰ তৰাটি হ’লগৈ।
মাৰ সপোনটো পুৰাবলৈ এইবাৰ তোৰ জন্মদিনটো পালন কৰিম বুলি প্রস্তুতি চলাইছো। কেইজনমান আত্মীয়ক নিমন্ত্ৰন দছো।দায়িত্ব এতিয়া মোৰ কান্ধত বহুত, তই বুজি নাপাবি। নিজৰ লগতে দেউতা, তোৰ আপদাল কৰাৰ, তহঁতক ভালে ৰখাৰ, ইচ্ছা, ৰাগ -অভিমানবোৰ মাৰ দৰে সহ্য কৰি মুখত হাঁহি ফুটাবলৈ চেষ্টা কৰা। আপ্ৰাণ চেষ্টা কৰি যাম, তহঁতৰ সুখৰ বাবে যিখিনি পাৰো কৰিম
তথাপিও মাতৃ স্নেহৰ কমিটোয়ে তোক পুৰাপুৰি খাব; জানো, দেউতাৰো মুখখনলৈ চাবলৈ আজি -কালি মোৰ সাহস নহয়, মাৰ মৃত্যুৰ দিনৰ পৰাই মুখখন সেমেকি গৈছে। জীয়াই থকাৰ মাদকতা হেৰুৱাই পেলাইছে। আজি তিনিমাহ পাৰ হল; হাঁহিৰ এটি ৰেঙনি দেখা নাই । দুখবোৰ বুকুত গুজি লৈ আমাৰ ওচৰত সাধাৰণভাবে থকাৰ অভিনয়টো কৰি যায় ঠিকেই, মাৰ সৈতে কটোৱা কোঠালিত প্রৱেশ কৰিলেই যেন বুকুখন আর্তনাদ কৰি উঠে। পঁছিটা বছৰ সুখ-দুখৰ লগৰী, ইমানযোৰ স্মৃতি, কেনেকৈ পাহৰিব ? পেহীৰ মুখৰ পৰা শুনিছো, সৌদিনাখন বোলে বজাৰতে মূৰ ঘুৰাই গুৰি কটা গছৰ দৰে সংজ্ঞাবিহীন হৈ মাটিত ঢলি পৰিছিল। ততাতৈয়া কৈ ফাৰ্মাচী এখনত পর্যবেক্ষণ কৰি বি. পি.ৰ দৰৱ খুৱাই দিয়াত কিছু সুস্থ হ’ল। দেউতালৈ মোৰ এতিয়া প্রতিপলে ভয় এটা হয়। জীৱনৰ ৰঙবোৰ হেৰুৱাই, কেৱল পার্থিৱ শৰীৰটো লৈ কেনেকৈ ভালে থাকিব পাৰিব! খোৱা লোৱাৰ পৰা আদি কৰি নিজৰ যত্ন ল’বলৈকো এৰি দিছে, ভাত এসজ খাই কেৱল প্ৰাণটো জীয়াই ৰাখিছে। হাড়- কঁপোৱা শীততো হাফ টি-ৰ্শ্বাট এখন পিন্ধি কটায়,সজ্ঞানৰ পৰা যেন নিজে নিজে আতঁৰি আহিছে।
সি যিয়েই নওক, সুখ-দুখৰ মাজেৰে জীৱনটো কটাব লাগিব। পোৱা-নোপোৱা বেদনাই জীৱনটো জৰাজীৰ্ণ কৰিবই তথাপিও জী থাকিব লাগিব থকাকেইদিন। মৃত্যু শাশ্বত বুলি জানিও ক্ষন্তেকীয়া পৃথিৱীত মায়াপাশত আবদ্ধ হওঁ । চিঠিখন পঢ়ি আকৌ তই কান্দি-কান্দি সংজ্ঞাবিহীন হৈ পৰি নাথাকিবি, অকলে থকা নিজৰ যত্নত ত্রুটি নাৰাখিবি, ঠাণ্ডা পৰিছে,ঠাণ্ডাৰ কাপোৰ সময়মতে শিন্ধিবি। মাৰ কলিজাৰ টুকুৰা আছিলি তই, যাৰ কাৰণে মৰমতে মা তোক ‘বাবাই’ বুলি মাতিছিল, আৰু মোৰ হিংসা হৈছিল মোতকৈ তোক বেছি মৰম কৰে বুলি।জানো তোৰ কষ্টটো বেছি, শেষসময়ত মাৰএষাৰ মাত শুনিব নোৱাৰিলি । কি কৰিব, ICU- ত ভেন্টিলেছনৰ চাপত মাৰ উশাহ ল’বলৈ বহত কষ্ট পাইছিল, মুখৰ আৱাজ উলাই অহাত অক্ষম আছিল। অচেতন অৱস্থাটো তোলৈ মনত কৰি অশ্রুধাৰ বোৱাই গাৰো তিয়াই পেলাইছিল। মই মাৰ মনোৱস্থা হৃদয়ঙ্গম কৰিব পাই মুখখন মুচি দিও; ওঁঠ চেপি কান্দোনৰ ঢৌ লুকাই ৰাখিছিলোঁ।আজিলৈ সামৰিছো, ভালে থাকিবি বহুত বেছি মৰম তোলৈ, সময়মতে খোৱা-বোৱা কৰিবি। অতি শীঘ্ৰেই লগ পোৱাৰ আশাৰে সামৰিছো। চিঠিখন অলপ তিতিছে, লিখি থাকোঁতেই দুর্বাৰ অশ্রুধাৰ ৰখাব নোৱাৰিলোঁ টোপ-টোপকৈ সৰি পৰিছে মোৰ স্পন্দনহীন কলমৰ গতিত।
ইতি—
তোৰ ডাঙৰ ‘বা’
মিষ্টি দি ,নগাঁও