নীলাখামৰ চিঠি (প্ৰিয়জনলৈ)-সুনম বিশ্বাস

Pc Freepik

নীলাখামৰ চিঠি
(প্ৰিয়জনলৈ)

সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ

মোৰ মৰমৰ
কলিজাৰ টুকুৰা,

প্ৰথমতে তোমাক  ভালপোৱাৰ  পাৰ ভঙা মৰম যাচিছোঁ। আশা কৰো ভগৱানৰ কৃপাত কুশলে আছা। মইয়ো আছো ৰ’বা, তোমাৰ স্মৃতিয়ে কাঁইটৰ দৰে বিন্ধে । বহুদিন পিছত কলমটো হাতত লৈছো ৰ’বা ,এই দোভাগৰাতি তোমালৈ বৰকৈ মনত পৰিছে। সাতটা বছৰ একেলগে ওমলি, একেঠাইত সুখ-দুখৰ লগৰী, ইমানবোৰ স্মৃতি, অনুভুতিবোৰ কৰ্মসূত্ৰে ঘৰৰ পৰা  শ শ মাইল নিলগত অহাৰ পিছত যেন  এচিড বৰষুণ হৈ গালৈ পৰিছে। একেবাৰে নিঃসংগ এই বিশাল জনাৰণ্যত।ঘন কুঁৱলীৰ বুকু ভেদি দোকমোকালিতে
বাইকখন লৈ পৰীক্ষাকেন্দ্ৰলৈ যোৱাৰ স্মৃতি, কলেজৰ পৰা আদি কৰি  বিশ্ববিদ্যালয়লৈ লৈ যোৱাৰ স্মৃতি,  বৰলুইত সাক্ষী আমাৰ সেই মধুৰ সুতীব্ৰ স্মৃতিৰ। সময় পালেই ঘৰমুৱা অৱস্থাত ক্ষন্তেক প্ৰশান্তিৰে ভৰা লুইতৰ বুকুত নিৰ্জনতাৰে  দুয়ো বিলীন হৈ যাওঁ মনৰ নিকুঞ্জ বনত জমা কৰা কথাৰ কথকতাত।নিৰ্লজ মলয়াই বাৰে বাৰে আমনি কৰে, কৈ শেষ কৰিব নোৱাৰা হিমপৰ্বত সদৃশ  কাহিনীবোৰ। সচাঁকৈয়ে  অতীতৰ  সেই  দিনবোৰলৈ আকৌ উভতিবলৈ  মন যায়। অনুভূতিৰ পাৰ ভাঙি কান্দোনৰ ঢৌ  বৈ আহে, জানা ? আজিকালি বুধবাৰটো আহিলে দুটা কাৰণত। এক সেই বুধবাৰটোৱেই আছিল আমাৰ বাবে সপ্তাহৰ ছটা দিনৰ অধীৰ অপেক্ষাৰ অন্ত। তোমাৰ ডিউটি অফ থাকে কলেজৰ পৰা পাঠ সামৰি  ওলাই যাওঁ দুজনে একান্তে সময় কটাবলৈ।এপলক অন্তৰ ভৰাই চাবলৈ। হিয়া উজাৰি ভাব বিনিময় কৰিবলৈ। নাজানো তুমি কি অনুভৱ কৰা? দ্বিতীতে, এই ভাললগা বুধবাৰটো এতিয়া মই সহ্য কৰিব নোৱাৰো ই চিৰ দুখৰ কাৰণ, সেই অমংগলীয় বাৰটোতে মায়ে, শেষ উশাহ এৰিছিল। নিশাহ ল’বলৈ সময় নিদলে নিষ্ঠুৰ কালৰ সোঁতে ! একালৰ মৰমবোৰ জানা পূবৰ পৰা পশ্চিমলৈ বোৱাই নিছিল এছাটি মৃদু পৱনে।এতিয়া জানা জীৱনৰ ৰঙবোৰ সেতাঁ পৰিছে, উজ্জলতাৰ সংজ্ঞা নোহোৱা হৈছে। তোমাক লগ পোৱাত মোৰ যৌৱনৰ প্রথম দুৱাৰডলিত আশা , সপোনবোৰে সাতোৰঙী  ৰামধেনু হৈ জিলিকি উঠিছিল মোৰ প্ৰেমাকাশত,তোমাৰ মৰম-স্নেহত নিজ ৰূপত আত্মপ্ৰতিষ্ঠিত কৰিব পাৰিছো। অকৃত্ৰিম ভালপোৱা, বিশ্বাসৰ হাতখন মুঠি মাৰি ৰাখিছা বাবে আজি ইমানখিনি ….এজনী ছোৱালীৰ সপোন থাকে, দেউতাৰ দৰে এজন জীৱন সংগী পোৱাৰ, সেই দিশত মই যেন ডাঠ কপালীয়া । এই সপোনটো তোমাক পাই দিঠকত পৰিণত হৈছে। দেউতাৰ দৰে যত্ন, মৰম, ভালপোৱা, মোৰ সমস্ত অভিমান; ৰাগবোৰ দেউতাৰ দৰে  সহ্য কৰি মোক তোমাৰ উমাল বুকুত আগুৰি ৰাখা। তোমাৰ আলসুৱা প্ৰেমানুভূতিত মুগ্ধ দৈ তোমাক পাপাৰ পিছত ‘পাপাই’বুলি হৃদয়ত স্থান দিছো। তোমাৰ বুকুখনে মোৰ সাতজনমৰ   নিৰাপদ আশ্ৰয় স্থল, সুখৰ মৰ্মকুটীৰ। মোৰ সাহস, মোৰ অভিমান, মোৰ  গৌৰৱ, হৈ প্ৰতিপদে  ছাঁ হৈ মোৰ লগত থাকিবা , কবি নহয় যদিও কেতিয়াবা মোক ওমলিবলৈ দুই এটা লাইন লিখি আশ্চৰ্য্যৰসীমা নোহোৱা কৰা, লিখা-মেলাত সহাঁৰিপূৰ্ণ বাণীৰে মোক আগুৱাই লৈ যোৱা, মোক লৈ তোমাৰ কাঁজলী চকুত দেখো এক সীমাহীন ভালপোৱা আৰু অযুত-নিযুত সপোনবোৰ হালধীয়া কৰাৰ হেন্দালিনিৰ ঢৌ।ভাল লাগে বুলি কেতিয়াও নকওঁৱেই তোমাৰ সেই ডালিম-গুটীয়া দাঁত দুটা । মনে মনে খুব ভালপাও জানা! আপোন জীৱটো কেতিয়াবা আনে কাঢ়ি লৈ যাব পাৰে বুলি ভাবি অলপ বেছি পচেছিভ হৈ যাও, এগৰাকী মাতৃৰ  দৰে কঠোৰতম শাসনৰ মাজত ৰাখো। তুমিয়েও বাধ্যটি হৈথাকা। দুয়োৰে আশ্বাস আৰু বিশ্বাসৰ জোলোঙাখন পূৰ্ণ কৰিছে আমাৰ জীৱনৰ একুকি গল্পই,আইনীভাৱে চাৰিহাত এক কৰাৰ মুহূৰ্তই।

ঐ, শুনানা, এইবাৰ মই ওচৰত নাই, বুলি জন্মদিনটো পালন নকৰাকৈ নাথাকিবা কিন্তু। জন্মদিন আৰু বাৰ মিলিছে এইবাৰ  বৃহস্পতিবাৰ 7 ডিচেম্বৰ (20 আঘোণ) ।সৰু-এটি উপহাৰ পঠিয়াইছো জন্মদিনত পিন্ধি কেক কাটিবা। স্মৃতিবোৰে তোমাক আঘাত কৰিব জানো কিয়নো, এই সাতটা বছৰে সাতজনমৰ স্মৃতিৰে সজ্জিত আমাৰ একুকি প্ৰেমৰ কাহিনী…..সেই যে স্টেচনৰ দাঁতিত প্রত্যেক বছৰে ৰৈ থকা মোক লগ কৰিবলৈ, এপলক দেখিবলৈ লোকচক্ষুৰ আৰালত গিফ্টবোৰ দিওঁ ,গোটেই বছৰৰ স্মৃতিৰ টোপোলা হিচাপে কাউৰী ঠেঙীয়া আখৰৰ এখন চিঠি। যাৰ বাবে তুমি ৩৬৫টা দিন অধীৰ অপেক্ষাৰে বাট চাই থকা। যিয়েই নহওক  কেকটো নকটাকৈ নাথাকিবা।  আগতীয়াকৈ জন্মদিনৰ এগাল মৰম আৰু শুভেচ্ছা তোমালৈ ।ভগৱানৰ আশীষ ল’বা ডিউটি যোৱাৰ আগতেই ।তুমিও বহুত বেছি মিছ কৰিবা জানো, কি কৰিবা কোৱা, চাও বুলিয়েই চাব নোৱাৰো, এষাৰ মাত শুনিবলৈ বুকুখন আর্তনাদ কৰি উঠে তথাপিও নোৱাৰো,এপাহাৰ শিল বুকুত লৈ অপেক্ষা কৰো কেতিয়া বন্ধ পাম বুলি। দূৰত্বই  হিমপর্বত হৈ বাট ভেটি বহি আছে।বৰ আমনি লাগে পাপাই । আৱেগ বিহ্বল হৈ  নোপোৱাৰ বিষাদবোৰ দুধাৰে অশ্রুধাৰ  হৈ বৈ আহে আৰু মই গুৰি কটা গছৰ দৰে প্রাণহীন হৈ পৰি থাকো বিচনাত । স্মৃতিৰ দলিচাত তুমি তুমি  অনুভৱ কৰি কেতিয়া দুচকু জপাই যায় ক’ব নোৱাৰো ।

আজিলৈ সামৰিছো । এন্ধাৰে ছানি ধৰিছে মোৰ কোঠা। কাৰেণ্টটো নাই ,মমটো গলি গলি শেষ হ’বলৈ  ধৰিলে। শেষলৈ এবুকু মৰম যাঁচিলো, ভালে থাকা।ভগৱানে তোমাক সুস্বাস্থ্য আৰু দীর্ঘায়ুৰ অধিকাৰী কৰক । চিৰসেউজ হৈ ৰওক আমাৰ ভালপোৱা ।অতি শীঘ্ৰেই লগ পোৱাৰ আশাৰে কলমৰ গতিক স্তব্ধ কৰিলো …..।

ইতি—
তোমাৰ সোনাপাপাই