নীলপৱন বৰুৱাৰ মৃত্যুত ভৱেশ কলিতাৰ শোক প্ৰকাশ

নীলপৱন বৰুৱাৰ মৃত্যুত ভৱেশ কলিতাৰ শোক প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা-অসমৰ বিশিষ্ট চিত্ৰশিল্পী, অসম সৌৰভ বটাঁ প্ৰাপ্ত শ্ৰীযুত নীলপৱন বৰুৱাদেৱৰ বিয়োগত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ভৱেশ কলিতাই গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কয়, বৰুৱাৰ প্রয়াণত ৰাজ্যবাসীয়ে এগৰাকী চিত্ৰকলাৰ একনিষ্ঠ সাধক তথা এগৰাকী বৰেণ্য ব্যক্তিত্বক হেৰুৱালে। শ্ৰী কলিতাই বৰেণ্য শিল্পী গৰাকীৰ বিদেহ্ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন জনাইছে।