নিৰ্মাণ শ্ৰমিকৰ সমস্যাৰ দাবীত শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

নিৰ্মাণ শ্ৰমিকৰ সমস্যাৰ দাবীত শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্হাৰ উদ্যোগত মহানগৰীৰ বিৰুবাৰীস্থিত শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত নিৰ্মাণ শ্ৰমিকসকলে হাতত প্লেকাৰ্ড আৰু ৰক্ত পতাকা লৈ নিৰ্মাণ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধান কৰা আৰু অনাদায় ধন আদায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হয়৷প্ৰতিবাদস্থলীত ২২খন জিলাৰ প্ৰায় ৩ হাজাৰৰো অধিক শ্ৰমিকে শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ইউনিয়নৰ সাধাৰণ সম্পাদক ফণীধৰ দাসে ভাষণত কয়-গোটেই দেশজুৰি নিৰ্মাণ শ্ৰমিকসকলে অবিৰত আন্দোলন কৰি অহাৰ পাছতো শ্ৰমিকসকলক বুঢ়া আঙুলি দেখুৱাই দেশত থকা অন্যান্য শ্ৰম আইনসমূহৰ লগতে নিৰ্মাণ শ্ৰমিকসকলৰ আইনখনো সন্নিবিষ্ট কৰি ৪টা কোডত ৰূপান্তৰ কৰিলে৷যাৰ ফলত নিৰ্মাণ শ্ৰমিকসকলৰ নামত থকা কল্যাণ বোৰ্ডসমূহৰ স্বকীয়তা নাইকীয়া হৈ শ্ৰমিকসকল হাৰাশাস্তি খাবলগীয়া হৈছে৷ইতিমধ্যে কাৰ্যালয়সমূহত আই কাৰ্ডকে ধৰি পে বুক আদিৰ অভাৱ,মাহেকীয়া বৰঙণি বেংকত জমা লোৱাত হাৰাশাস্তি খাইছে৷গৃহঋণ দিয়াৰ কথা আছিল যদিও আৰম্ভ হোৱা নাই৷লকডাউনৰ টকা সকলো পঞ্জীয়নকৃত শ্ৰমিকে নোপোৱা আদি বিভিন্ন সমস্যাত নিৰ্মাণ শ্ৰমিকসকল হাৰাশাস্তি পোৱাৰ উপৰিও বৰ্তমান অনলাইনত সকলো কাম কৰিব গৈ নিৰ্মাণ শ্ৰমিকসকলৰ মাজত নতুন সমস্যাৰ সৃষ্টি কৰাই নহয় দুৰ্নীতি হোৱা দেখা দিছে৷কাৰ্যকৰী সভাপতি কমৰেড লক্ষেশ্বৰ বৰাই ভাষণত কয়-কল্যাণ বোৰ্ডত যথেষ্ট টকা থকাৰ পাছতো শ্ৰমিকসকলৰ হাৰাশাস্তি হোৱাৰ পৰা প্ৰমাণ কৰে যে এই চৰকাৰ শ্ৰমিক বিৰোধী চৰকাৰ৷এআইটিইউচিৰ ৰাজ্যিক সভাপতি মুনিন মহন্ত আৰু সাধাৰণ সম্পাদক ৰমেন দাসে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে সমালোচনা কৰে আৰু নিৰ্মাণ শ্ৰমিকসকলৰ সমস্যা সমাধান কৰাৰ বাবে আহ্বান জনায়৷প্ৰতিবাদস্হলীত এআইটিইউচিৰ নেতা চক্ৰেশ্বৰ কলিতা,বাবুল চৌধুৰী,কৃষক নেতা জয়ন্ত গগৈ আদিয়ে শ্ৰমিকৰ সমস্যা সমাধানৰ দাবী কৰে চৰকাৰৰ ওচৰত৷সাধাৰণ সম্পাদক ফণীধৰ দাসে দাবী চনদ পাঠ কৰি শ্ৰম আয়ুক্তৰ জৰিয়তে অসমৰ শ্ৰমমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷