নিৰ্বাচন আৰু ভাৰতীয় নাগৰিকৰ দায়িত্ব- কৰ্তব্য
কমলেশ কাঞ্চন
ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। গণতান্ত্ৰিক দেশ এখনত নিৰ্বাচন হৈছে অপৰিহাৰ্য অংগ। নিৰ্বাচনৰ জৰিয়তে জনসাধাৰণে নিজৰ পছন্দৰ চৰকাৰ গঠন কৰে। ইতিহাস সাক্ষী আছে যে ৰাষ্ট্ৰৰ হিতৰ বিপৰীতে কাম কৰা চৰকাৰক জনগণে ক্ষমতাৰ পৰা আঁতৰাই দিয়ে। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰে পৰা আমাৰ দেশত বিভিন্ন সময়ত নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে। সাধাৰণতে আমাৰ দেশ ভাৰতবৰ্ষত লোকসভাৰ নিৰ্বাচন এটা সময়তে সমগ্ৰ দেশত অনুষ্ঠিত কৰা হয়। এইবাৰ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনত অষ্টাদশ লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইতিমধ্যে যোৱা ১৬ মাৰ্চ তাৰিখে লোকসভাৰ নিৰ্বাচন আৰু একেলগে ৪ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। লোকসভা নিৰ্বাচনৰ লগতে একে সময়তে অৰুণাচল প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, চিকিম আৰু উৰিষ্যাত বিধানসভাৰ নিৰ্বাচনো অনুষ্ঠিত হ’ব। এইবাৰ সমগ্ৰ দেশতে ৭ টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। অসমত ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে’ত মুঠ তিনিটা পৰ্যায়ত এইবাৰ নিৰ্বাচনৰ দিন ধাৰ্য কৰা হৈছে। ৪ জুনত ফলাফল ঘোষণা কৰা হ’ব। নিৰ্বাচন সমূহ সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ভাৰতত এখন স্বতন্ত্ৰ নিৰ্বাচন আয়োগ আছে। তদুপৰি বিভিন্ন সময়ত ৰাজ্য ভেদে বেলেগ বেলেগ নিৰ্বাচন হৈ আহিছে। ভাৰতত প্ৰধানকৈ লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনেই অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। প্ৰত্যেক ৫ বছৰৰ অন্তৰে অন্তৰে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয়। অৱশ্যে কেতিয়াবা ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰ এখন সংখ্যালঘুত পৰিণত হ’লে সময়ৰ আগতে নিৰ্বাচন অনুষ্ঠিত হয়। ভোটদান হৈছে প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ এক অন্যতম ৰাজনৈতিক অধিকাৰ। আমাৰ দেশ ভাৰতবৰ্ষত জাতি, ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে ১৮ বছৰ বয়স সম্পূৰ্ণ হ’লে সকলোৱে ভোটাধিকাৰ লাভ কৰে। নিজৰ নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে ভোটদানৰ সেই নিৰ্দিষ্ট দিনটো লৈ অতি উৎসাহেৰে ৰৈ থাকে।
গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত সংসদীয় শাসন ব্যৱস্থাৰে শাসন কাৰ্য পৰিচালনা কৰে। কেন্দ্ৰ চৰকাৰত দুখন সদনৰ ব্যৱস্থা আছে। উচ্চ সদন আৰু নিম্ন সদন। ৰাজ্য সভাক উচ্চ সদন আৰু লোক সভাক নিম্ন সদন বুলি কোৱা হয়। লোকসভাৰ সদস্যসকলক দেশৰ জনসাধাৰণে প্ৰত্যক্ষ ভোটদানৰ জৰিয়তে ৫ বছৰৰ বাবে নিৰ্বাচিত কৰে। আনহাতে, ৰাজ্য সভাৰ সদস্য সকলক পৰোক্ষ ভোটদানৰ জৰিয়তে ৬ বছৰৰ বাবে নিৰ্বাচিত কৰা হয়। দেশৰ জনসাধাৰণে নিৰ্বাচিত কৰা প্ৰতিনিধি সকলে অৰ্থাৎ বিধায়ক সকলে ৰাজ্য সভাৰ সদস্য সকলক ভোটদান কৰি নিৰ্বাচিত কৰে। লোকসভাৰ সদস্য সংখ্যা সৰ্বাধিক ৫৫২জনলৈ বৃদ্ধি কৰাৰ সুবিধা আছে যদিও বৰ্তমান ৫৪৫ জন সদস্যৰে লোকসভা গঠন হৈছে। জনসাধাৰণে প্ৰত্যক্ষ ভোটদানৰ জৰিয়তে ৫৪৩ জনক নিৰ্বাচিত কৰে আৰু ৰাষ্ট্ৰপতিয়ে এংলো- ইণ্ডিয়ান মূলৰ দুজনক মনোনীত কৰে। আনহাতে সংসদৰ উচ্চ সদন অৰ্থাৎ ৰাজ্য সভাৰ সৰ্বাধিক সদস্য সংখ্যা ২৫০ জন। ৰাজ্য সভাৰ ২৩৮ জন সদস্যক বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ পৰা পৰোক্ষ নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচন কৰা হয়। ৰাষ্ট্ৰপতিয়ে কলা, সাহিত্য , বিজ্ঞান আৰু সমাজ সেৱা খণ্ডৰ পৰা কেন্দ্ৰ চৰকাৰৰ পৰামৰ্শ অনুসৰি অন্য ১২ জনক ৰাজ্য সভালৈ নিৰ্বাচিত কৰে। লোক সভাৰ সংখ্যা গৰিষ্ঠ দ’লে কেন্দ্ৰত চৰকাৰ গঠন কৰে। নিৰ্বাচনত কোনো দ’লে সংখ্যা গৰিষ্ঠতা পাবলৈ সক্ষম নহ’লে আন দ’লৰ সহায়ত মৰ্চা চৰকাৰ গঠন কৰে। বৰ্তমান ভাৰতবৰ্ষত মৰ্চা চৰকাৰৰ ধাৰণাটো অতি জনপ্ৰিয় হোৱা দেখা গৈছে। ভাৰতবৰ্ষত যিহেতু বহু দলীয় ৰাজনৈতিক ব্যৱস্থা আছে; সেয়েহে এটা নিৰ্দিষ্ট ৰাজনৈতিক দ’লে অকলে সংখ্যা গৰিষ্ঠতা লাভ কৰাটো কঠিন হৈ পৰিছে। অৱশ্যে ভাৰতত লোক সভা নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতা পাবলৈ যিমান আসনৰ প্ৰয়োজন সিমান আসন পোৱা ৰাজনৈতিক দ’লো আছে। লোক সভাত একক সংখ্যা গৰিষ্ঠতা পাবলৈ হ’লে ২৭২ খন আসনৰ প্ৰয়োজন।
এতিয়া ভাৰতত লোক সভা নিৰ্বাচনৰ সময়। সমগ্ৰ ভাৰতবৰ্ষতে নিৰ্বাচনী ঢৌ বলিছে। বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে ভোটাৰ সকলক আকৰ্ষিত কৰাৰ বাবে ন ন কৌশল ৰচনা কৰিছে। অৱশ্যে বহু দ’লেই এতিয়াও তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ নামে ঘোষণা কৰিব পৰা নাই। বহুতেই আকৌ নতুন নতুন প্ৰতিশ্ৰুতি আৰু ৰাজনৈতিক ভাবাপন্ন সংগীতৰে ভোটাৰক মোহাচন্ন কৰিব বিচাৰিছে। আমাৰ মাজৰে একাংশৰ এতিয়া দুচকুত টোপনি নাই। ভাৰতবৰ্ষৰ দৰে দেশত নিৰ্বাচন এটা উৎসৱত পৰিণত হয়। হাজাৰ হাজাৰ কোটি টকা এই নিৰ্বাচনৰ নামত খৰচ কৰে। এই অৰ্থৰ ব্যয় কম কৰাৰ বাবে সময়ে সময়ে “এক দেশ, এক নিৰ্বাচন” আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ কথা বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে চিন্তা নকৰাকৈ থকা নাই। যদিও অৰ্থৰ খৰচ হয় তথাপি কিন্তু জনসাধাৰণ বহুত আশাৰে ৰৈ থাকে। সকলোৱে সু- শাসন পোৱাৰ স্বপ্নত ডুব যায়। নতুন নতুন ভৱিষ্যৎ বাণীৰে এতিয়া সময় ৰঙীন হৈ পৰিছে। এইবাৰ ফাকুৱাৰ ৰঙ আৰু ৰঙালীৰ ৰঙে নিৰ্বাচনক অধিক ৰঙীন কৰিব বুলি ইতিমধ্যে অসমৰ জনসাধাৰণ নিশ্চিত হৈছে।
নিৰ্বাচন মানেই আনন্দ আৰু উৎসাহত সময় পাৰ কৰিলে নহ’ব। আমি হ’ব লাগিব একো একোজন দায়িত্বশীল নাগৰিক। আমাৰ দায়িত্বহীনতাই আমাক বহু দূৰলৈ পিছুৱাই লৈ যাব পাৰে। প্ৰত্যেকটো মুহূৰ্ততে আমি সজাগ হ’ব লাগিব। দ’ল আৰু প্ৰাৰ্থীক ভালদৰে নিৰীক্ষণ কৰিবই লাগিব। বহু সময়ত আমি বহুত আশাৰে নিৰ্বাচিত কৰি পঠিওৱা প্ৰাৰ্থীজন সংসদত সক্ৰিয় ভূমিকা পালন কৰাত ব্যৰ্থ হয়। গতিকে বহু মূলীয়া ভোটটো দিওঁতে হাজাৰ বাৰ ভাবিব লাগে। সকলো দলৰে নেতাই ভাল কথা ক’ব, সকলোৰে বাহ্যিক দিশটো ভাল। তথাপি পছন্দ আপোনাৰ। এটা ভুল সিদ্ধান্তই নিজৰ লগতে সমাজৰ ক্ষতি কৰিব পাৰে। সকলোৰে শুনক কিন্তু সিদ্ধান্ত নিজে লওক। যোগ্য জনক বাছনি কৰিব পাৰিলেহে গণতন্ত্ৰ শক্তিশালী আৰু সফল হ’ব। আৰু গণতন্ত্ৰৰ মূল উদ্দেশ্যই হৈছে জনসাধাৰণৰ বাবে সুস্থ শাসন ব্যৱস্থা গঢ়ি তোলা। গতিকে নিৰ্বাচনৰ দিনাখন সকলোৱে ঘৰৰ পৰা ওলাই আহক এখন সুস্থ, সবল আৰু শক্তিশালী ভাৰত গঢ়িবলৈ।