নিৰ্বাচনী প্ৰস্তুতি বুজ ল’বলৈ বজালীত উপস্থিত মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়ে

rongilibarta

বজালীত উপস্থিত মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়ে

বুজ ল’লে নিৰ্বাচনী প্ৰস্তুতিৰ

দিছপুৰ, ১৯ অক্টোবৰ: ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েয়ে আজি বজালী জিলাৰ অন্তৰ্গত ভৱানীপুৰ বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰস্ত্ততিৰ বুজ লোৱাৰ উদ্দেশ্যে বজালী জিলাত উপস্থিত হয়। বজালী জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰী, বজালী আৰু বাক্সা জিলাৰ আৰক্ষী অধীক্ষকদ্বয় আৰু বজালী জিলাৰ প্ৰশাসনীয় বিষয়াসকলৰ সৈতে মুখ্য নিৰ্বাচনী বিষয়া খাড়েয়ে উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত এক পৰ্যালোচনা সভাত মিলিত হয়। এই আলোচনাত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে সামগ্ৰিকভাৱে সমষ্টিটোৰ নিৰ্বাচনকেন্দ্ৰিক প্ৰস্ত্ততিৰ আলেখ-লেখ লোৱাৰ উপৰি নিৰ্বাচন সংক্ৰান্তীয় কেতবোৰ নীতি নিৰ্দেশনাৰ বিষয়েও সদৰি কৰে। উল্লেখ্য যে, এই সভাৰ পাছতেই উপায়ুক্তগৰাকীৰ সৈতে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে ভট্টদেৱ বিশ্ববিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰূম আৰু ই ভি এমৰ কাৰিকৰী দিশৰ বুজ লোৱাৰ লগতে বিশ্ববিদ্যালয়ৰ চৌহদত স্থাপন কৰিব লগা অন্যান্য কাম-কাজৰ সামগ্ৰিক অগ্ৰগতিৰো বুজ লয়। ইয়াৰ পাছত মুখ্য নিৰ্বাচনী বিষয়াগৰাকী উপায়ুক্তৰ সৈতে পোনে পোনে ভৱানীপুৰ সমষ্টিলৈ গৈ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰে আৰু সেইবোৰত পানীৰ সুবিধা, ৰেম্পৰ ব্যৱস্থা, বিদ্যুত সেৱাৰ উপলব্ধতা, শৌচাগাৰ আদিৰ প্ৰসঙ্গও নিৰীক্ষণ কৰে। তদুপৰি, মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে উপায়ুক্ত দেৱ চৌধুৰীৰ সৈতে সমষ্টিটোত ৰাজনৈতিক দলবোৰে কৰিব লগা নিৰ্বাচনী সভাবোৰৰ স্থানসমূহো পৰিদৰ্শন কৰে। জিলা প্ৰশাসনৰ প্ৰস্ত্ততিত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে।