নিৰ্বাচনী প্ৰচাৰৰ বাবে তৃতীয়বাৰলৈ মাজুলীত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকা

নিৰ্বাচনী প্ৰচাৰৰ বাবে তৃতীয়বাৰলৈ মাজুলীত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকা

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাৱলৈ তৃতীয় বাৰলৈ মাজুলীত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী  পীযুষ হাজৰিকা । মন্ত্ৰী গৰাকীয়ে নিমাতী ঘাটৰ পৰা ফেৰীৰে মাজুলীলৈ পাৰ হৈ  পূব মাজুলীৰ বনগাঁৱত প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে। সভাত ভাৰতীয় জাতীয় কংগ্ৰেছ মাজুলী জিলা সমিতিৰ বৰ্তমানৰ উপ-সভাপতি  শংকৰ জ্যোতি হাজৰিকা আৰু  সমাজ কৰ্মী তথা ভাৰতীয় জাতীয় কংগ্ৰেছ মাজুলী জিলা সমিতিৰ প্ৰাক্তন সাধাৰন সম্পাদক ফিজু দত্তৰ নেতৃত্বত বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে । ইয়াৰ পাছত মন্ত্ৰী পিযুষ হাজৰিকাই নামনি মাজুলীৰ চিলাকলা পঞ্চায়তৰ অন্তৰ্গত কাকৰিকটা গাঁৱত দ্বিতীয়খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰি পুনৰ বিয়লিৰ ফেৰীত যোৰহাটলৈ বুলি ৰাওনা হয়।