নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যত পাঁচটা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজ্যত বিভিন্ন দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে।এই প্ৰচাৰ অভিযানৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী। নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ।আজি সন্ধিয়া ৫ বজাৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিয়া হৈছে মুখ্যমন্ত্ৰীক।অন্যথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰা হৈছে জাননীত।কংগ্ৰেছ দলে ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক দাখিল কৰিছিল অভিযোগ।ভৱানীপুৰ, মৰিয়নি, থাওৰাৰ নিৰ্বাচনী সভাত বিভিন্ন ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।উপ–নিৰ্বাচনৰ প্ৰচাৰ সভাত বিভিন্ন সমষ্টিত আঁচনি আৰু আৰ্থিক অনুদানৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।