নিয়ৰ সৰা মিঠা পূৱা –  বিতোপন দাস

PC - Forest Preserve District of Will County

নিয়ৰ সৰা মিঠা পূৱা

 বিতোপন দাস(নগাঁও)

স্নিগ্ধ জোনাকৰ শাৰদী ৰাণীৰ বুকুত
গভীৰ নিদ্ৰাত আছিলোঁ।
প্ৰভাতিৰ পুৱাতে
ঘৰৰ ওপৰেদি
উৰা মাৰি যোৱা শৰালি জাকৰ মাতত
হঠাতে সাৰ পায় উঠিলোঁ।
দেখিলোঁ খিৰিকিৰ ফাকেৰে আহা
একাজলি সূৰ্যৰ কোমল পোহৰে
হাত বাউলী মাতিছে।
পদুলিমুখৰ শেৱালী জোপাইও
শৰতৰ আনন্দত আত্মহাৰা হৈ
প্ৰেমত পৰিছে।।
চোতালৰ দুবৰি জোপাইও
নিয়ৰৰ টোপাল বোৰক
মৰমতে আকোঁৱালি লৈছে
এক আজন্ম প্ৰেমিকৰ ৰূপত।।