’নিয়ৰৰ উচুপনি’ আৰু ’মন সাগৰত অনুভৱৰ ঢৌ’ গ্ৰন্থ উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম কবি চক্ৰ’ৰ জ্যোতি চিত্ৰবনত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বৰ্ষপূৰ্তি অনুষ্ঠানত লেখিকা কল্যাণী ডেকাৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় । কল্যাণী ডেকাৰ প্ৰথমখন কাব্যগ্ৰন্থ ’নিয়ৰৰ উচুপনি’ উন্মোচন কৰে ডিগবৈ তেল শোধনাগাৰৰ জ্যেষ্ঠ অভিযন্তা শুক্লেশ্বৰ নাথে । লগতে অপৰূপা প্ৰকাশনৰ পৰা প্ৰকাশিত ডেকাৰ দ্বিতীয়খন গ্ৰন্থ ’মন সাগৰত অনুভৱৰ ঢৌ’ উন্মোচন কৰে পদ্মশ্ৰী সূৰ্য হাজৰিকাই । পদ্মশ্ৰী সূৰ্য হাজৰিকাই উন্মোচন কৰা ডেকাৰ অসমীয়া শ্বায়েৰী সংকলনখন প্ৰকাশ কৰিবলৈ পাই অপৰূপা প্ৰকাশন অতিকৈ আনন্দিত হৈছে । বহু গল্প , কবিতা , উপন্যাস লেখি পাঠক সমাজত সমাদৰ লাভ কৰা ডেকাৰ আৰু দুখন গ্ৰন্থ প্ৰকাশৰ পথত আছে । এখন অণুগল্প আৰু আনখন চুটি গল্পৰ । কবি চক্ৰৰ সভাপতি অনুপ কুমাৰ তালুকদাৰ , মুক্ত কবি কণ্ঠৰ মুখ্য প্ৰকাশক কাব্যনীল , সাহিত্য সমালোচক বিপুল শৰ্মা , দসো কলিতা , সবিতা দেৱী , শোভন মেধি , ড° সীমা বৰা , তীৰ্থৰঞ্জন মহন্ত , ঊষামণি শইকীয়াকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অপৰূপা প্ৰকাশনৰ প্ৰকাশকে কয় যে গ্ৰন্থ প্ৰকাশৰ এই যাত্ৰাত ন লেখক লেখিকাসকলক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ’ব ।