নিশাটো আমাৰ একান্ত ব্যক্তিগত – সত্যজিৎ গগৈ

নিশাটো আমাৰ একান্ত ব্যক্তিগত
সত্যজিৎ গগৈ,কলিয়াবৰ
আন্ধাৰৰ স’তে মিতালী গঢ়ি
জোনাকী জাকৰ দেশত
আমি এনিশাৰ বাবে বহিম,
হাঁহি-কান্দোনৰ মাজেৰে যাপন কৰিম
গভীৰ নিশাৰ মাদকতা,
আশাবোৰ বাঢ়িব আৰু
হেঁপাহবোৰ ফুলি উঠিব নকৈ
অহংকাৰে বাঁহ সাজিব খুজিও থমকি ৰ’ব
উদং বুকুৰ পৰিধি বিচাৰি,
পথালি চকুদুটাৰ আঁৰে আঁৰে
ঢৌ খেলি থাকিব মন হাঁহজাকে
মধুৰ মিলনান্তই উপচি পৰিব পাৰে
আমাৰ এহাত এমুঠন বুকুখন…!