নিযুক্তি প্ৰক্ৰিয়াৰ চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা

Pc Eastmojo Assam

নিযুক্তি প্ৰক্ৰিয়াৰ চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  আগষ্ট মাহত অনুষ্ঠিত হৈ যোৱা ৰাজ্য চৰকাৰৰ পোনপটীয়া নিযুক্তি প্ৰক্ৰিয়াৰ চতুৰ্থ বৰ্গৰ ফলাফল আজি ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে কয় যে, “মই জনাবলৈ পাই আনন্দিত যে “চতুৰ্থ বৰ্গৰ পদৰ বাবে অসম ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে” ১৮ অক্টোবৰ ২০২২ তাৰিখে লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। মই আশা কৰোঁ যে এই স্বচ্ছ প্ৰক্ৰিয়াই অসমৰ যুৱপ্ৰজন্মক ৰাজ্যখনৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰিব।” প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইটত sebaonline.org ফলাফল চাব কৰিব পাৰে। উল্লেখ্য যে, ৰাজ্যখনৰ ২৫ খন জিলাত ৪,৪৩,৬৫৫ জনতকৈও অধিক প্ৰাৰ্থী  এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল।