নিভাঁজ কন্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ বিয়োগত ভিন-ভিন দল-সংগঠনৰ শোক

নিভাঁজ কন্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ বিয়োগত ভিন-ভিন দল-সংগঠনৰ শোক

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ, গণশিল্পী, অসমৰ প্ৰবাদ প্ৰতীম শিল্পী ড০ ভূপেন হাজৰিকাৰ ভগিনী সুদক্ষিণা শৰ্মাৰ বিয়োগত ভিন-ভিন দল-সংগঠনে একেমুখে গভীৰ শোক প্ৰকাশ কৰিছে । এক শোকবাৰ্তাত বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসম চমুকৈ “বহুবাক”ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- “অসমীয়া জাতিয়ে হেৰুৱালে এজনা মাটি-মানুহৰ শিল্পীক। প্ৰতিটো সময়-দিন মাটিৰ লগত সংপৃক্ত আছিল। গীতত, কথাত, বক্তব্যত, আচৰণত সৰ্বত্ৰতে অসম প্ৰীতি, স্নেহ আছিল অতুলনীয়। এনেকুৱা মানৱতাবাদী সমাজসেৱী, শিল্পী হেৰুৱাই জাতিটোৰ বাবে ভাবিব নোৱৰা ক্ষতি হ’ল ।” মহান কন্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ বিয়োগত শোক প্ৰকাশ কৰে ক্ৰমে— মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ সাহিত্য সভা, অসমৰ সভাপতি ড০ হৰ কুমাৰ নাথ, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, বিশিষ্ট গীতিকাৰ-সাহিত্যিক শচীন দাস, হেল্প এইড ফাউণ্ডেশ্যনৰ অধ্যক্ষ অঞ্জুলিনা দেৱচৌধুৰী, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, বয়োজ্যেষ্ঠ কবি-নিবন্ধকাৰ দুৰ্গা প্ৰসাদ শৰ্মা, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ অধ্যক্ষ মদন দাস, অসম শিশু সাহিত্য সমাজ, পৰাগজ্যোতি প্ৰকাশন, স্বেচ্ছাসেৱী অনুষ্ঠান “ৰং” আদি দল-সংগঠনে। প্ৰতি অনুষ্ঠানে একেমুখে কয়- আমি হেৰুৱালো এজনা সচাঁ অৰ্থত অসমক মনে-প্ৰাণে ভালপোৱা মানৱতাবাদী শিল্পীক।