নিপন গোস্বামীৰ মৃত্যুত জাতীয় পৰিষদৰ শোক

Pc The Sentinel Assam

নিপন গোস্বামীৰ মৃত্যুত জাতীয় পৰিষদৰ শোক

ৰঙিলী বাৰ্ত্তাসেৱা-  যশস্যী অভিনেতা নিপন গোস্বামীৰ মৃত্যুত গভীৰ দুখ ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে অসমীয়া সমাজ আৰু সাংস্কৃতিক জগতলৈ অতুলনীয় বৰঙণি আগবঢ়াই যোৱা গোস্বামীৰ মৃত্যু অসমবাসীৰ বাবে এটা পূৰাব নোৱাৰা ক্ষতি৷ এগৰাকী চিৰসেউজ অভিনেতা হিচাপে সময়ৰ বালিত চিহ্ন এৰি যোৱা গোস্বামীৰ অৱদান অনন্ত কাললৈ স্মৰণীয় হৈ ৰব৷ গগৈ আৰু ভূঞাই লগতে গোস্বামীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে৷