নিজে অধ্যয়ন কৰা বিদ্যালয়খনৰ প্ৰতি সকলোৰে দায়িত্ব থাকেঃ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ

Pc assam.news18.com

নিজে অধ্যয়ন কৰা বিদ্যালয়খনৰ প্ৰতি সকলোৰে দায়িত্ব থাকেঃ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ

ৰঙিলী বাৰ্ত্তাসেৱা-   “নিজে অধ্যয়ন কৰা বিদ্যালয়খনৰ প্ৰতি সকলোৰে দায়িত্ব থাকে। নিজৰ বিদ্যালয়খনৰ প্ৰতি সহায়-সহযোগ আগবঢ়াবলৈ পোৱাটো সৌভাগ্যৰহে কথা। এনে পদক্ষেপে বিদ্যালয়সমূহত ৰাইজৰ অংশীদাৰিত্ব বৃদ্ধি কৰিব। মোৰ মতে এয়া কোনো কাৰণতে অপৰাধ হ’ব নোৱাৰে। চৰকাৰে হয়তো ভালদৰে বুজাব পৰা নাই। কিন্তু মই নাভাবোঁ এয়া কোনো ধিক্কাৰ জনাবলগীয়া বিষয়।”- বিদ্যাঞ্জলি আঁচনি সন্দৰ্ভত এই মন্তব্য নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ।শেহতীয়া ভাৱে সমগ্ৰ অসমতে শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু চৰকাৰৰ বিদ্যাঞ্জলি আঁচনিক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত এই মন্তব্য কংগ্ৰেছৰ সাংসদগৰাকীৰ। উল্লেখযোগ্য যে, বিদ্যাঞ্জলি আঁচনিৰ বিৰুদ্ধে কংগ্ৰেছৰে কেইবাগৰাকী বিধায়কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে সাংসদগৰাকীয়ে আঁচনিখনক সমৰ্থন কৰিছে। নগাঁও আৱৰ্ত ভৱনত সাংবাদিকৰে হোৱা কথা-বতৰাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৰাকীয়ে লগতে কয়, “মই নিজেও শৈশৱতে অধ্যয়ন কৰা শিক্ষানুষ্ঠানখনক সহায় আগবঢ়াবলৈ পাই সুখী।”