নিজক জনাৰ প্ৰতি আমি কিমানদূৰ সক্ষম?
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
উত্তৰ – পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসম এখন লেখত ল’বলগীয়া ৰাজ্য । স্বকীয় সম্পদৰাজিৰ প্ৰাচুৰ্যৰে মহিমামণ্ডিত ইতিহাসৰ এক নহয় সহস্ৰ স্বর্ণাক্ষৰ অসমমাতৃৰ বুকুত খোদিত আছে । অনাদি কালৰ পৰাই হীৰা – মুকুতা খোদিত অসমৰ স্বকীয় গৰিমাৰ সোঁত প্রৱাহিত হৈ আছে । ই চিৰন্তৰ । যদিও অসমৰ ইতিহাস উত্তৰ – পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহৰ সংমিশ্ৰণেৰে বৰ্ণাঢ্য তথাপিও ইয়াৰ মাজতে কিছু নিজস্ব বৈশিষ্ট্য বিৰাজমান । যি আমাৰ গৌৰৱৰ লাইখুঁটা । প্রাচীন কালতে ৰাজনৈতিকভাৱে অসমভূমি কেইবাবাৰো বিদেশী আক্রমণৰ কবলত পৰিছিল কিন্তু তাৰ পৰা প্ৰাণটাকি ৰক্ষা কৰা বীৰপুৰুষসকলৰ জীৱনগাঁথা আমি জানো কিমানজনে ? আমাৰ মহাকাব্য মহাভাৰত , লেকগাঁথা , কালিকাপুৰাণ , যোগিনী তন্ত্র ইত্যাদিবোৰৰ পৃষ্ঠাত অসমৰ ঐতিহাসিক অস্তিত্বৰ বর্ণনা আছে । তাৰোপৰি বিভিন্ন শিলালিপি , তাম্রলিপিবোৰেও প্রাচীন অসমৰ বিভিন্ন কথাৰ উমান দিয়ে । সেইবোৰ অধ্যয়ন কৰিবলৈ আমি কিমানদূৰ আগ্রহী ? ঔপনিৱেশিক শাসনে কিদৰে ৰাজনৈতিক, আর্থনৈতিক, সামাজিক সকলো দিশতে প্রভাৱ বিস্তাৰ কৰি ৰাজ্যখন জুৰুলা কৰি পেলাইছিল; তাৰ পিছতো অসমভূমিৰ ধীৰোদাত্ত বীৰ- বীৰঙ্গানাই পৰাক্ৰমেৰে যুঁজি বিশ্বদৰবাৰত স্বকীয় অস্তিত্বক খ্যাতিসম্পন্ন শিখৰত উপনীত কৰিছিল । সেইবোৰ কথা অসমৰ প্রত্যকজন লোকৰ জ্ঞাত হোৱাটো জৰুৰী । তাৰ বিপৰীতে আমাৰ মানুহে বিদেশী আপ্যায়নত ব্যস্ত , ইয়ে আমাৰ মূল উদাৰতা আৰু ই এটা ঋণাত্মক দিশো ।
কালৰ প্ৰৱাহত যেন নৈৰ স্ৰোতেৰে উজাই চলাৰ উপক্রম হৈছে আমাৰ। “ঘৰ কা মুৰ্গী দাল বৰাবৰ” হিন্দীসাহিত্যৰ এই যোজনাটিৰ সার্থক প্ৰতিফলন ঘটিছে আমাৰ মানুহৰ চিন্তা – ধাৰাত।নিজৰ সভ্যতা সংস্কৃতি, ইতিহাস ভূগোলৰ প্রতি যেন তিল মাত্ৰও গুৰুত্ব নোহোৱা হৈছে।এই যে অনাঅসমীয়া, বৈদেশিক বস্তুবোৰ জনাৰ প্রতি আমাৰ প্রবল হাবিয়াস , ইয়ে নিজৰ অস্তিত্বক অদূৰ ভৱিষ্যতে বুৰাই পেলোৱাৰ উপক্রম হ’ব । আমাৰ পাঠ্যপুথিবোৰতো বিশেষকৈ ইতিহাস , ভূগোলৰ পাঠ্যসূচীত অসমৰ ইতিহাস বা ভূগোলৰ বিস্তৃত বিৱৰণ পোৱা নাযায়, ইতিহাসৰ নামত পাঠ্যপুথিত দুই-এটা শব্দ বহাই কেৱল নিজৰ দোষ হে ঢাকি ৰাখিছে যেন পাওঁ ।
ইয়াৰ বিপৰীতে বিদেশী সম্পদ, ধন, ঐশ্বর্যৰ গুণ – গৰিমাই ইতিহাস – ভূগোলৰ সোণোৱালী পৃষ্ঠাৰ সৌষ্ঠৱ বঢ়াইছে । ক্ষুদ্রাতিক্ষুদ্র বিচাৰ – বিশ্লেষণেৰে অধ্যয়ন কৰিব লাগে সেইবোৰ । অনাঅসমীয়াৰ ইতিহাসৰ বিশাল কীৰ্তিস্তম্ভ অধ্যয়ন কৰিবলৈ গৈ আমাৰ ইতিহাসৰ স্ৰষ্টাকেই পাহৰি যাও । অন্যহাতে , সাম্প্ৰতিক ইংৰাজী ভাষা শিক্ষাই বিশ্ব-ব্রহ্মাশুক নিজৰ হাতৰ মুঠিত কৰি লৈছে , সর্বভাৰতীয় প্রেক্ষাপটত নিজৰ প্ৰতিভা তুলি ধৰিবলৈ গৈ আমাৰ ছাত্র – ছাত্রীসকলে অসমীয়া ভাষা মাধ্যমত পঢ়া – শুনা কৰাৰ প্রতি ধাউতি নোহোৱা হৈছে । নিজকে জানিবলৈও হেঁপাহৰ বাট মুকলি কৰাৰ প্রতি কিছু ক্ষেত্ৰত যেন অভিভাৱকসকলো তৎপৰ নহয় ।
সাম্প্রতিক চাকৰিবলীয়া মানৱে বুজি পায় নে অসমৰ কৃষিভূমিৰ মাটি কিমান উৰ্বৰা ? নুবুজে, বুজাৰ ইচ্ছাশক্তিয়ে অনিচ্ছাৰ মাউন্ট এভাৰেষ্ট শৃংগ জয় কৰিছে । যেতিয়ালৈকে আমি নিজক সুক্ষ্মভাৱে বিচাৰ-বিশ্লেষণ কৰাৰ মানসিকতা গঢ়ি তুলিব নোৱাৰিম তেতিয়ালৈকে আমাৰ সভ্যতা , অস্তিত্বক কালৰ নিষ্ঠুৰ সোঁতত ৰাখিবলগীয়া হ’ব।
আমাজন, নীল নদীৰ অৱস্থান সম্পৰ্কে জানো , কিন্তু আমাৰ বৰলুইতৰ উপনৈকেইখনৰ নামেই হয়তো বহুতেই নাজানো । মালদ্বীপ , ইফেল টাৱাৰ বুলিলে আমি ভ্ৰমণবলিয়া । লাখ-লাখ টকা ব্যয় কৰি হ’লেও সেইবোৰ চাবলৈ যোৱাত কুণ্ঠাবোধ নকৰোঁ । কিন্তু থলুৱা কৃষ্টি – সংস্কৃতিৰে ভৰপূৰ বিশ্ববিখ্যাত নদীদ্বীপ মাজুলীৰ ভৌগোলিক অৱস্থানৰ বিষয়ে জানিবলৈ আমি কিমানজনে আগ্রহ প্রকাশ কৰো ? চাকৰিমুখী প্ৰজন্মই ইংৰাজী বর্ণমালাৰ ‘A’ আখৰটো লিখিবপৰা হ’লেই বিদেশলৈ উৰা মাৰে । আমি ইমানেই উচ্চশিক্ষাৰে জ্ঞানী হৈ পৰো যে নিজ মাতৃৰ কোলাত লালিত – পালিত হৈ পাহৰি যাও সেই মাতৃৰ অস্তিত্ব । নিজৰ অভিভাৱকসকল বিপদসংকূল নে অনুকূলে আছে জানিবলৈয়ো প্রয়াস নকৰো ।
এইবোৰ একান্তেই নৱপ্রজন্মৰ অমনোযোগিতাৰ ফল নে ? নে অভিভাৱক , সমাজব্যৱস্থা , শিক্ষাব্যৱস্থা আটাইৰে ? সমুলঞ্চে উলাই কৰিব নোৱাৰো , কিছু ক্ষেত্ৰত যেন স্বাৰ্থৰ মুকুট শিৰত ধাৰণ কৰিছো আমি ! যিসকল নিস্বার্থ সেৱাত ব্ৰত, তেওঁলোক যেন পৰিস্থিতিৰ আগত ভাষাৰ দাৰিদ্ৰতাৰ বাবে উদাত্ত কণ্ঠধ্বনি গগণচুম্বী কৰাব নোৱাৰে । মৌনব্রত ধাৰণ কৰি কালৰ প্ৰৱাহৰ লগত সোঁত মিলাই অনীহা স্বত্তেও ৰুদ্ধ কৰি পেলাই বিপ্লৱী কণ্ঠক।
গতিকে, আমি ক’ব পাৰো যে যেতিয়ালৈকে ঐক্যৱদ্ধভাৱে উদাত্ত কণ্ঠে নিজ অস্তিত্ব ৰক্ষাৰ্থে ওলাই নাহো তেতিয়াইলকে ছিন্নমূলসংস্কৃতিৰ পথাৰখন চিৰসেউজ হৈ থাকিব । আমাৰ ইতহাস, ভূগোলৰ সাৰুৱা মাটিত শেলাই গজিছে, সেয়া পৰজীৱীৰ চিৰকালৰ আভাসভূমিলৈ পৰিণত হ’ব ।