নিচাযুক্ত দ্ৰব্যৰ আসক্তিতে আহে অশনি সংকেত – দিপ্তী মনি গোস্বামী

নিচাযুক্ত দ্ৰব্যৰ আসক্তিতে আহে অশনি সংকেত

দিপ্তী মনি গোস্বামী, লখিমপুৰ

প্ৰগতিৰ দিশে ধাৱমান দেশ ৰাজ্য , দেখি ভাল লাগিছে জনসাধাৰণৰ জয় জয় ময় ময় অৱস্থাত।খেৰী ঘৰবোৰ লুপ্ত প্ৰায়, সকলোতে টিনপাতৰ পকা ঘৰ; অনেক আঁচনি, সুবিধাৰে সৰ্জিত হৈ উঠিছে দেশ, ৰাজ্য।অভাৱত দিন পাৰ কৰা খাটি খোৱা সকলৰ জীৱনৰ পৰা অভাৱ নামৰ দৈত্যটো পলাই  পতং দিলে, সেয়ে এতিয়া আজাদী জীৱন । এদিন কেইটামান টকা অৰ্জন কৰি সেই কেইটাই তিনি চাৰি দিন পৰ্যন্ত গোলাপী নিচাৰ মাজত ডুবি থাকিব পাৰে, ঘৰ সংসাৰৰ কথা বাদ দি। সেই তেনে অভ্যাসৰ বশৱৰ্তীতে থান-বান হয় বহুতৰে ঘৰ-সংসাৰ। সিদিনা মোৰ গৃহ জিলাৰে ঘটনা এটা শুনিলো, ওঠৰ নে ওনৈচ দিনীয়া প্ৰসূতি মাতৃ এগৰাকীয়ে হেনো সদ্য জন্মা ১৮/১৯ দিনীয়া সন্তান টি নিলাজী বনৰ পাতৰ মাজত শুৱাই আত্মহত্যাৰ দৰে জঘন্য পথ বাচি ল’লে! কাৰণ, ঘৰুৱা অশান্তি। মদাহী গিৰিয়েকৰ উৎপাতত অতীষ্ঠ হৈছিল বোলে। এখন ঘৰ সংসাৰ ভাগি থান-বান হ’ল, দুটি সৰু ল’ৰা মাতৃহাৰা হ’ল! এই বিলাক কিমান দুখৰ বিষয়?সৌ সিদিনা অসম কপোঁৱা জালুকবাৰীৰ ঘটনাটো, সেই ঘটনাটোৰ অন্তৰালত নিশ্চয় নিচাৰ ব্যাপক হাত আছে, সুস্থ মগজ স্বজ্ঞানে কোনেও নিজৰ জীৱন টো মৃত্যুৰ গৰাহলৈ ঠেলি দিব নোৱাৰে, কিন্তু নিচাৰ জালত মায়াময় হৈ পৰা ভাৱনাৰ মাজত জীৱন -মৃত্যু ৰহস্য ভেদ কৰিবলৈ সময়ে নাথাকে।নিচাৰ কৱলত পৰি হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা এচামেই সমাজত নানা অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰাও পৰিলক্ষিত হয়। নিচাৰ কাৰণেই পুত্ৰই কেতিয়াবা মাক-দেউতাকক নানা হাৰা-শাস্তি কৰি তেওঁ লোকৰ কষ্টপাৰ্জিত ধন অপচয় কৰাৰ উদাহৰণো আছে।এতিয়া কথা হ’ল, দেশীয়েই হওঁক বা বিদেশী য়েই হওঁক এই নিচাযুক্ত দ্ৰব্যৰ সুলভ বজাৰ খন নিয়ন্ত্ৰিত কৰা । গাঁৱে-ভূঞে , অলিয়ে -গলিয়ে য’ত -ত’ত  এই দ্ৰব্যৰ মুকলি বেহাই পুৰণি চামৰ লগতে নতুন চামৰ লোককো আকৰ্ষণ কৰিছে। মানুহ মাত্ৰেই অনুকৰণ প্ৰিয়, অনুসন্ধিৎসু মনৰ গৰাকী। নিচা কৰা অভিভাৱকৰ সন্তান টিয়ে মনত সদায় এটা হেঁপাহ পুহি ৰাখে, দেউতাই কি বস্তু খাইছে? খাবলৈ কেনেকুৱা? মইও খাবলৈ পোৱা হ’লে!  যদি সেই বস্তুটো দুষ্প্ৰাপ্য হয়, তেতিয়া সেই আশা সেই হেঁপাহ এদিন নিজে নিজেই নাইকীয়া হৈ যায়। যদিয়ে সহজ লভ্য হয় কোনোবা এদিন হ’লেও তাৰ কৱলত পৰিব আৰু ক্ৰমান্নয়ে তাৰ প্ৰতি আসক্তি বাঢ়ি যাব আৰু এদিন নিজক সেই পৃথিৱীখনৰ পৰা মুক্ত কৰিবলৈ, ওলাই আহিবলৈ অপৰাগ হ’ব। তেনেকৈয়ে সমাজত নিচাযুক্ত লোকৰ সংখ্যা বৃদ্ধি হৈ  সমাজ খনেই প্ৰদুষিত কৰি পেলায়। নানান হিংসা, হত্যা, অপ্ৰীতিকৰ ঘটনা ৰে। ব্যাপক হাৰত বৃদ্ধি হোৱা এই সুচৰা ব্যাধিটো নিয়ন্ত্ৰণ কৰিবলৈ আমি সকলোৱে সচেতনতাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব , ভৱিষ্যত প্ৰজন্মৰ অবাটে যোৱাৰ পৰা বচোৱাৰ স্বাৰ্থতেই।