নিঃশব্দ কোৰ্হাল-জয়ন্ত শৰ্মা, যোৰহাট

pc-steavemehta

নিঃশব্দ কোৰ্হাল
০০০০০০০
নুবুজাকৈয়ে কুঁহিপাঠেৰে সপোনৰ বীজ সিঁচিলো
হেঙুল বোলোৱা কৈশোৰ যৌৱন নিজেই পাহৰি থাকিলো ।

সম্ভাৱনাৰ ডাঙৰী ভাৰ সময়ৰ স’তে লুকাল, অন্ধকাৰত আলিদোমোজাত হঠাৎ ঠিকনা
হেৰাল ।

বলুকা শিল্পীৰ ভাস্কৰ্য্যৰে সপোনৰ আয়ুস গণিলো,
সফল যুঁজৰ সমল বিচাৰি দেশে দেশে ৰং দেখিলো।

নিঃশব্দ কোৰ্হাল নিজেই কৰিলো
সৰল ৰেখাৰে জীৱন জুখিলো ।
জাৰ জহ একো গমেই নেপালো, উদং পিঠিৰে তপত সুহিলো ।
আকাশলৈ চাই পুহক ভেটিলো
দুৰৰ তৰাক জুহাল সাজিলো ।

ফিচিকা কামিজত তাপলি মাৰিলো,
সৰৱ নিজান সকলো শুনিলো ।

আপোন দেহকে নিবাস সাঁজিলো,
বুকুৰ মাজত চন্দুক থাপিলো ।
এপদ দুপদ চেনেহ সম্পদ
যি পাৰো তাতেই সাঁচিলো ।

সপোন বোৰক দিঠক বুজালো,
টিপচি চৰাইলৈ আসন পাতিলো ।
বেলি হেঙুলীয়া তথাপি যুঁজিলো
আজি দিঠকতে সপোন দেখিলোঁ ।
০০০০০০০
জয়ন্ত শৰ্মা, যোৰহাট