শৰৎ – লক্ষী প্ৰসাদ ৰেগন

শৰৎ

লক্ষী প্ৰসাদ ৰেগন

এৰি থৈ অহা বহুতো শৰৎ
আৰু মোৰ কিবাকিবি মন। তুমিয়েই কৈছিলা শৰৎ
পুৱা গধূলি মই ৰূপ সলাও

নিশাৰ জুই আৰু দিনৰ পাহাৰ
মই চকু দুটাকে মানি ল’ব নোৱাৰো। আচলতে কি
ওচৰ পাওঁ পাওঁ তথাপি স্পৰ্শ কৰিব নোৱাৰো

কাৰোবাক মনৰ কথা ক’বলৈ কিয় জানো
শৰতৰ আবেলিবোৰ অতি উত্তম
প্ৰিয়জনক কাষত পালে মন খুলি ক’ব পাৰি
এয়াই শৰৎ। শৰৎ মানেই সকলো

আকৌ আহিম মই শৰতৰ সৈতে
ৰাধাজনী হৈ তুমি মোক বাট চাবা আৰু ক’বা
শৰৎ মানেনো কি ? শৰৎ মানেনো কি ?