নাৰী দিৱস উদযাপন আৰু কিছু অনুভৱ  – মিনাক্ষী হাজৰিকা

নাৰী দিৱস উদযাপন আৰু কিছু অনুভৱ 
মিনাক্ষী হাজৰিকা
                      দেওমৰনৈ
আমাৰ সকলোৰে বাবে ৮ মাৰ্চ দিনটো খুবেই এটা পৰিচিত দিন। এইদিনটোত সকলোতে আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰা হ’য়। আৰু এইবছৰো সুন্দৰকৈ সকলোতে উদযাপন কৰা হ’ল। এইবাৰৰ নাৰী দিৱসৰ Theme টো হৈছে “Investing in woman:Accelerate progress”.প্ৰতিজনী নাৰীৰ নামত ইমান সুন্দৰকৈ নাৰী দিৱস উদযাপন কৰি নাৰীক সন্মান জনোৱা, মৰম আদৰ জনোৱা, নাৰীৰ কৰ্ম-আদৰ্শ, পদক্ষেপক সন্মান জনোৱা হ’য়। কিন্তু কেৱল নাৰী দিৱসৰ দিনাই এই সন্মান নে আন বেলেগ দিনটো এই সন্মান দেখিবলৈ পোৱা যায়? যদি আমি ইতিহাসলৈ ঘূৰি যাওঁ তেন্তে সেই উত্তৰ বৈদিক যুগৰ পৰাই নাৰীৰ মান, গুণ-গৰিমা, শিক্ষা-দীক্ষা সকলোতে নাৰীৰ স্থিতি ম্লান পৰি আহিছিল।সৌ তাহানিৰ পৰা যৌতুক প্রথা আদিয়ে গা কৰি উঠিছিল। আনকি মধ্যযুগত যেতিয়া ৰেজিয়া চুলতানাই ভাৰতৰ প্ৰথম গৰাকী শাসকৰূপে সিংহাসনত বহিছিল কেৱল মাত্র কেইবাবছৰমান সিংহাসনত বহিয়েই তেওঁক সিংহাসনৰ পৰা উচ্ছেদ কৰা হৈছিল। সকলোৰে মনোভাৱ আছিল যে মহিলাই সিংহাসনত বহি কেনেকৈ শাসন চলাব?কিন্তু নাৰীয়ে সেই প্ৰাচীন যুগ, মধ্য যুগৰ পৰাই নাৰীয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰি আহিছে। বিজ্ঞানৰ পৰা ৰাজনীতিলৈ, সামাজিক ক্ষেত্রৰ পৰা অৰ্থনৈতিক ক্ষেত্ৰলৈ বৰ্তমান সকলো ক্ষেত্ৰতে মহিলাৰেই জয়গান ।যদি আমি   বিজ্ঞানৰ দিশত চাবলৈ যাও যোৱা বষৰ্ত “চন্দ্রযান-৩”ৰ সফল অভিযানত পুৰুষসকলৰ  সমানে সমানে মহিলাসকলৰো সমভাৱেই সহায় সহযোগিতা আছিল। বিশেষ ভাবে আমাৰ অসমৰ মৌমিতা দত্ত, উদ্দীপনা কলিতা, নিধি শৰ্মা আদিকে ধৰি ৫০ গৰাকীৰো অধিক মহিলা বিজ্ঞানীয়ে প্ৰভূত বৰঙণি আগবঢ়াইছিল । ঠিক তেনেদৰেই “আদিত্য এল-1” সূৰ্য অভিযানতো কেইবাগৰাকীও মহিলা বিজ্ঞানীয়ে সহায়-সহযোগীতা আগবঢ়াইছিল। যদি আমি শিক্ষাৰ ক্ষেত্রতো চাবলৈ যাও প্ৰত্যেক বছৰে ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত প্ৰথম স্থান মহিলাইয়ে দখল কৰিবলৈ সক্ষম হ’য়। কেৱল সেয়াই নহ’য় অসমৰ এ.পি.এচ.চি.ইৰ দৰে পৰীক্ষাতো বেছিখিনি সংখ্যাক ছোৱালীয়েই কিন্তু সুখ্যাতিৰে উত্তীৰ্ণ হবলৈ সক্ষম হ’য়। প্ৰত্যেকবছৰে ভাৰত তথা অসম চৰকাৰে যিমানবিলাক বটাঁ ঘোষণা কৰে তাৰ ভিতৰতো কিন্তু বেছিখিনিয়েই মহিলাই পাবলৈ সক্ষম হ’য়। উল্লেখনীয় কথাতো এইটো যে বৰ্তমান আমাৰ দেশৰ সৰ্বোচ্চ পদবীটোও মহিলাইয়ে দখল কৰিবলৈ সক্ষম হৈছে। গতিকে যদি আমি চাবলৈ যাওঁ সকলোতে মহিলাৰেই জয়গান। মহিলা অবিহনে আমাৰ সমাজখন পংগু। কিন্তু যদি আমি আনখন পৃথিৱীত প্ৰৱেশ কৰি চাও তেতিয়াই আমি দেখা পাওঁ যে যেতিয়া ছোৱালী এজনী জন্ম পায় সকলোৰে মনত কম বেছি পৰিমাণে এনে মনোভাৱে স্থান পায় যে এহ ছোৱালীহে জন্ম পালেনে? লাহে লাহে ছোৱালীজনী যেতিয়া ডাঙৰ হৈ আহিব ধৰে কোনো নিৰাপত্তা নাথাকে, ক’তো ওলাব নোৱাৰে। ৰাতি দেৰিলৈ ক’তো ওলাব নোৱাৰে । মনত ভয় শংসয়ে আগুৰি ধৰে। প্ৰতিদিনেই যেতিয়া কাকতখন উলিয়াই পঢ়ো।এনেকুৱা এটা দিন নাই যিটো দিনত হয়তো পোৱা নাই ধৰ্ষণ, হত্যা ৰ দৰে ঘটনাৰ বাতৰি।দেখি পঢ়ি আচলতে বেয়া লাগে যেতিয়া প্ৰতিদিনে নিউজত ধৰ্ষণ, হত্যাকাণ্ড আদিৰ দৰে নিউজ দেখা পাওঁ। বৰ্তমান সময়খিনি ইমানেই ভয়ানক হৈ গৈছে যে এগৰাকী মহিলা নিজৰ ঘৰতেই সুৰক্ষিত নহ’য়। আমি সকলোৱে জানো অথবা সমাজত প্ৰচলিত আছে যে আমি সকলো সমান। ল’ৰা ছোৱালী উভয়ৰে সমান অধিকাৰ আছে। সকলোৱে সমভাৱে কাম কৰিব পাৰে।ল’ৰা ছোৱালী উভয়ে  সকলোতে সমভাৱে অংশগ্রহণ কৰিব পাৰে। ল’ৰা ছোৱালী বুলি কোনো ভেদাভেদ নাই। যদি ল’ৰা ছোৱালী সচাঁকৈয়ে সমান বুলি আমি জানোৱেই তেন্তে কিয় আকৌ বেলেগকৈ মহিলাৰ বাবে ৫০%, ৩৩% ইত্যাদি ইত্যাদি ধৰনে আসন সংৰক্ষণ কৰা দেখা পাওঁ। প্ৰত্যেক বছৰে এটা নিদির্ষ্ট দিনত নাৰী দিৱস উদযাপন কৰা হ’য়। এইটো এটা বহুত ভাল পদক্ষেপ। কিন্তু কেৱল মাত্ৰ  নাৰীক কৰা সন্মান, মৰ্যদা আদি এটা দিনতেই সীমাবদ্ধ নাৰাখি প্ৰত্যেক দিনাই এই সন্মান, মৰ্যদা প্ৰদান কৰা উচিত। সৌ সিদিনা এহাল দম্পতি ভাৰত ভ্ৰমণ কৰিবলৈ আহি মহিলা গৰাকী দলবদ্ধ ধৰ্ষণৰ বলি হ’বলগীয়া হৈছিল। যদি আমি নিজৰ মনোভাৱ বিলাকেই সলনি কৰিব নোৱাৰো তেন্তে কেতিয়াও এখন সমাজ সলনি কৰিব নোৱাৰো। অথবা এখন সুস্থ সমাজ গঢ়ি তুলিব নোৱাৰো। প্ৰথমতে নিজক আৰু নিজৰ মনোভাৱক সলনি কৰা উচিত। লগতে যদি প্ৰত্যেক দিনাই আমি নাৰীসকলক সমভাৱেই সন্মান, মৰ্যদা আদি প্ৰদান কৰো । তেন্তে মই ভাবো নিৰ্দিষ্টকৈ এদিন নাৰী দিৱস উদযাপন কৰাৰ কোনো প্ৰয়োজন নাই। গতিকে সকলোৱে নিজক সলনি কৰি নিজৰ মনোভাৱ, চিন্তা ধাৰা সমূহ সলনি কৰি এখন সুস্থ সমাজ গঢ়িবলৈ চেষ্টা কৰা উচিত। আৰু নাৰী দিৱস প্ৰতিদিনেই উদযাপন কৰা উচিত।