নাৰী তুমি মোহিনী  – এছ ইছলাম

নাৰী তুমি মোহিনী 

এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী, বৰপেটা
নাৰী তুমি মোহিনী
ক’বকে নোৱাৰোঁ কোৱাচোন
তোমাক কেনেকৈ পাহৰোঁ?
কোনে নো তোমাক কৰিলে সৃষ্টি
তোমাৰ মাধুৰ্য্য ৰূপত
পেলাব নোৱাৰোঁ দৃষ্টি!
কি যে আকৰ্ষণ কি যে তুমি মোহিনী
তোমাৰ ৰূপৰ জানো
আছে কোনো বিকৰ্ষণ?
আমি আপ্লুত তোমাৰ মোহিনী ৰূপত
তোমাৰ কাম দৃষ্টিত
 আমি সকলো মোহিত।
তোমাৰ মোহিনী চাৱনীত হৈ যায় পানী
তোমাৰ লাৱণ্য ৰূপত
সকলোতে সংঘাত ।
তোমাৰ মোহিনী ৰূপত ভগৱান অস্থিৰ
আমিনো কেনেকৈ
থাকিম বাৰু সুস্থিৰ?
তোমাৰ মোহিনী ৰূপ জানিবা ধুৰূপ
তুমি নাৰী জাতি
ৰঙতেই সদা মতি।
ক’ৰপৰা কেনেকৈ আহিলা তুমি
কেনেকৈ তোমাৰ সৃষ্টি
এয়াতো অদৃশ্য দৃষ্টি?