নাৰী তুমি বোৱতী নদীৰ সোঁতৰ দৰে – নাছিৰ আহমেদ

PC - Kotart
নাৰী তুমি বোৱতী নদীৰ সোঁতৰ দৰে
নাছিৰ আহমেদ ,শিমলাবাৰী গোৱালপাৰা
নাৰী তুমি বোৱতী নদীৰ সোঁতৰ দৰে
বন্ধ কোঠাৰ ৰুদ্ধ হিয়াত জলোচ্ছ্বাস  প্ৰতিনিয়ত ।
তুমি অৰ্ধ আকাশৰ দৰে প্ৰতিভাসিত নীল চকুযুৰি
ওধৰ যুগলত পকা আপেলৰ ৰঙা সোৱাদ !
নাৰী তুমি বোৱতী নদীৰ সোঁতৰ দৰে
তুমি ৰং-বৰ্ণ-আকাৰহীন নীড়ৰ দৰে
তোমাৰ সান্নিধ্য লভি পাত্ৰ হয় ৰঙীণ -ৰসপূৰ্ণ ।
ধূপ শিখা সুগন্ধি পখিলাৰ পৰশ লভি
 ধোঁৱা -বাৰুদৰ কদৰ্যময় যুদ্ধৰ দামামা হয় স্তব্ধ !
   তুমি নাৰী, সৃষ্টিৰ  ৰহস্যময় মহতী শক্তি
     তুমি অগ্নি-স্ফূলিঙ্গ, তুমি আগ্লেয় গিৰি
  এক বিশাল সেউজ পথাৰৰ শস্য কণাৰ আঁৰত
আত্ম-ত্যাগৰ সুমধুৰ কুলিৰ মৌসনা অমৃত মাত ।
তুমি নাৰী !
তুমি নাৰী!!
তুমি নাৰী!!!
( আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে)