নাৰী
-অলক ঠাকুৰীয়া
টিহু
গর্ভত প্রোথিত
অমোঘ সৃষ্টিৰ
নাৰী প্রেমময়ী প্রতিমা ৷
জ্ঞান গৰিমাৰে উদ্দীপিত
আজন্ম মায়াৰ
নাৰী মমতাৰ মৈত্রেয়ী শিখা।
নাৰী ৰমণীয়
সুশীল মহীয়সী
অপৰূপ ৰূপৰ দ্যুতি।
নাৰী প্ৰত্যয়ৰ প্ৰতিমূর্তি
কষ্ট, ত্যাগ,সহনশীলতাৰে
অহৰহ বৈ’ থকা কলকণ্ঠ নদী।