নাৰীৰ সম অধিকাৰ
আন্তৰ্জাতিক নাৰী দিৱসৰ আহ্বান
ডা০ যুতিকা ওজা, মুৰব্বী অধ্যাপিকা
কমিউনিটি মেডিচিন বিভাগ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়
প্ৰতি বছৰে ৮ মাৰ্চ দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাবে পালন কৰা হয়। বিশ্বজুৰি নাৰীক তেওঁলোকৰ অধিকাৰৰ প্ৰতি সচেতন কৰা, সমাজত পুৰুষৰ সৈতে একে সমতা লাভ, কৰ্মত পূৰ্ণ সুযোগ দিয়াকে ধৰি নাৰীৰ সৰ্বাঙ্গীন উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই দিৱস পালন কৰা হয়। ১৯১১ চনৰ ১৯ মাৰ্চত প্ৰথমবাৰৰ বাবে পৃথিৱীৰ কেইখনমান দেশে এই দিৱস পালন কৰে।১৯১৪ চনৰ পৰা বিশ্বৰ কেইবাখনো দেশে ৮ মাৰ্চ তাৰিখে এই দিৱস পালন কৰা আৰম্ভ কৰে। ১৯৭৫ চনৰ ৮ মাৰ্চত ৰাষ্ট্ৰসংঘৰ মজিয়াত আন্তৰ্জাতিক নাৰী দিৱসে স্বীকৃতি লাভ কৰে। তাৰ পিছৰে পৰা বিশ্বজুৰি ৮ মাৰ্চ তাৰিখে এই নাৰী দিৱস পালন কৰি অহা হৈছে।এক নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি প্ৰতিবছৰে এই দিৱস পালন কৰা হয় য’ত মহিলাসকলৰ ইতিবাচক পৰিবৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
এই বৰ্ষৰ আন্তৰ্জাতিক নাৰী দিৱসৰ বিষয়বস্তু হ’ল- মহিলাৰ ওপৰত বিনিয়োগ কৰক- প্ৰগতি ত্বৰান্বিত কৰক। “ Invest in women, Accelerate progress”.
মহিলাৰ ওপৰত বিনিয়োগ কৰা মানে কেৱল অৰ্থনৈতিক দিশৰ আৱশ্যকতাকে নুবুজায়, ই আমাৰ ব্যক্তি, সমাজ আৰু সম্প্ৰদায়ৰ উন্নতিৰ জখলা। দেশ এখনৰ উন্নতিৰ ক্ষেত্ৰত মহিলাৰ ভুমিকা অতি গুৰিত্বপূৰ্ণ।
এখন সুস্থ সমাজ গঠনৰ ক্ষেত্ৰত নাৰীৰ অৱদান অতুলনীয়। অতীতৰ তুলনাত বৰ্তমান সমাজত মহিলাৰ অৱস্থা আগতকৈ উন্নত হৈছে যদিও এতিয়াও মহিলাই উপযুক্ত স্থান পোৱা নাই। নাৰী এতিয়াও শোষিত আৰু বঞ্চিত। সমাজত এতিয়াও লিংগ বৈষম্য আছে। সেইবাবে এতিয়াও শিক্ষাৰ ক্ষেত্ৰতে হওক, অৰ্থনৈতিক ক্ষেত্ৰতে হওক, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰতে হওক, পুৰুষৰ তুলনাত নাৰী পিছ পৰি আছে। দেশ এখনৰ বিকাশৰ বাবে মহিলা সবলীকৰণৰ প্ৰয়োজন সেইবাবে মহিলাক শিক্ষাৰ অধিকাৰ দিয়াৰ লগতে কৰ্মক্ষেত্ৰতো সমানে অধিকাৰ প্ৰদান কৰাটো অতি আৱশ্যকীয়।
সেয়েহে ২০২৪চনত আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰচাৰৰ বাবে লোৱা বিষয়বস্তু হ’ল- মহিলাৰ অন্তৰ্ভুক্তি(Inspire inclusion) সকলো দিশতে মহিলাৰ অন্তৰ্ভুক্তিৰে প্ৰেৰণা যোগাওক। যেতিয়া মহিলাসকলে নিজেই আগবাঢ়ি আহি সমাজৰ বিভিন্ন ক্ষেত্ৰত আগভাগ ল’ব, তেতিয়াহে দেশৰ অৰ্থনৈতিক, সমাজিক, ৰাজনৈতিক আৰু শৈক্ষিক দিশ ত্বৰান্বিত হ’ব। যেতিয়া নাৰী পূৰ্ণপৰ্য্যায়ত সবলীকৰণ হ’ব, মহিলাৰ ক্ষেত্ৰত কোণোধৰণৰ বাধ্যবাধকতা নাথাকিব, শিক্ষা আৰু ৰাজনৈতিক মঞ্চৰ বাবেওকোনো বিভেদ নাথাকিব তেতিয়াহে আমি উপৰোক্ত পৰ্য্যায় পাম।
আহক আমি সকলোৱে লগ লাগি সমাজত নাৰীৰ উপযুক্ত মৰ্য্যাদা, সকলো ক্ষেত্ৰতে নাৰীৰ সমঅধিকাৰৰ ব্যৱস্থাপনাৰ বাবে যথোচিত পৰিৱেশ গঢ়ি তোলা।