নাৰিকলৰ ওপৰত গৱেষণা কৰি ৰাষ্ট্ৰীয় সন্মানৰে সন্মানিত হাজোৰ পংকজ দাস

নাৰিকলৰ ওপৰত গৱেষণা কৰি ৰাষ্ট্ৰীয় সন্মানৰে সন্মানিত হাজোৰ পংকজ দাস

ৰঙিলী বাৰ্ত্তাসেৱা-  থলুৱা নাৰিকলৰ বিপৰীতে অসমত শেহতীয়াকৈ বৃদ্ধি পাইছে আমদানিকৃত নাৰিকলৰ চাহিদা। এনে সময়তে নাৰিকলৰ ওপৰত গৱেষণা কৰি ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ নাৰিকল বিকাশ বোৰ্ডৰ দ্বাৰা ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছে কামৰূপ জিলাৰ  হাজো পানীপাৰাৰ প্ৰয়াত ঋষভ দাসৰ পুত্ৰ পংকজ দাস। 2 ছেপ্টেম্বৰত কেৰেলাত অনুষ্ঠিত বিশ্ব নাৰিকল দিৱসৰ অনুষ্ঠানত এই সন্মান লাভ কৰে হাজোৰ যুৱ খেতিয়ক পংকজ দাসে । ইয়াৰ উপৰিও ২0১0 চনত ২ ছেপ্টেম্বৰ ত গুৱাহাটীত অনুস্থিত হোৱা বিশ্ব নাৰিকল দিৱসত *নাৰিকলৰ ওপৰত গৱেষণা কৰি ৰাষ্ট্ৰীয় সন্মানৰে সন্মানিত হোৱাৰ লগতে  ২০১৬ ঢনত বিশ্ব নাৰিকল দিৱসত সৰ্বভাৰতীয় এশজন খেতিয়কৰ ভিতৰত  এগৰাকী  সফল খেতিয়ক হিচাপে খ্যাতি অৰ্জন কৰি পদক বুটলিবলৈ সক্ষম  হৈছিল । বিগত ৩০ বছৰে নাৰিকলৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে পংকজ দাসে গৱেষণা চলাই গৈছে নাৰিকলৰ ওপৰত। প্ৰায় ৪ বছৰ সময় এজোপা নৰিকল গছ চোৱা-চিতা কৰাৰ পাছত ৫০বছৰ ধৰি ইয়াৰ ফল পোৱাৰ লগতে ১বিঘা মাটিত নাৰিকলৰ খেতিৰে বছৰি ২ৰ পৰা ৩লাখ টকা উপাৰ্জন কৰি নিৱনুৱা যুৱক-যুৱতীসকল স্বাৱলম্বী হ’ব পাৰিব বুলি মন্তব্য কৰে যুৱ খেতিয়কগৰাকীয়ে। উল্লেখ্য যে প্ৰয়াত পিতৃ ঋষভ দাসৰ পদাংক অনুসৰণ কৰি শিক্ষিত যুৱক পংকজ দাসে নাৰিকল খেতিৰ ওপৰত মনোনিৱেশ কৰে। গুৱাহাটীৰ কাঁহিকুছিৰ উদ্যান শয্য গৱেষণা কেন্দ্ৰৰ বিশেষজ্ঞসকলৰ সৈতে বিভিন্ন সময়ত নাৰিকলৰ উৎপাদন বৃদ্ধি কৰাৰ ক্ষেত্ৰত দিহা পৰামৰ্শ লোৱা বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত পংকজ দাসে।