নাৰায়ণীৰ অষ্টৰূপৰ কথা – কানুপ্ৰিয়া ডেকা

Pc- Indus Scrolls
নাৰায়ণীৰ অষ্টৰূপৰ কথা
কানুপ্ৰিয়া ডেকা, হাউলী
দেৱী লক্ষ্মী বিষ্ণুৰ পত্নী, নাৰয়ণৰ পত্নী নাৰায়ণী। ধন সম্পত্তিৰ দেৱী লক্ষ্মী, সাগৰ মন্থনৰ সময়ত সমুদ্ৰৰ বুকুৰ পৰা ওলাই আহি বিষ্ণুক নিজৰ স্বামী হিচাপে গ্ৰহণ কৰিছিল। ধন সম্পত্তিৰ বাবে আমি দেৱী লক্ষ্মীক পুজা কৰো।দেৱী লক্ষ্মীৰ ৮টা ৰূপ প্ৰত্যেক ৰূপৰ মাধ্যমেৰে তেওঁ আৰ্শীবাদ দিয়ে।
প্ৰথম ৰূপ আদিলক্ষ্মী  তেওঁক মুল লক্ষ্মী আদি শক্তি বুলিও কোৱা হয়। শ্ৰীমদ দেৱী ভাগবত পুৰাণৰ অনুসৰি সৃষ্টিৰ আৰম্ভণিতে মহালক্ষ্মীয়ে ত্ৰিদেৱক প্ৰকট কৰিছিল। মহালক্ষ্মীৰ পৰাই দেৱী সৰস্বতী আৰু কালি আকাৰ লৈছিল। জগতৰ পালনৰ বাবে নিজেই বিষ্ণুৰ লগত থকা স্বীকাৰ কৰিছিল। আদিলক্ষ্মীৰ পৰা জীৱনৰ উৎপত্তি হৈছে।
দেৱীৰ দ্বিতীয় ৰূপ ধনলক্ষ্মী।বিষ্ণুক কুৱেৰৰ ঋণৰ পৰা বচাবলৈ এইটো ৰূপ ধাৰণ কৰিছিল। দেৱী ধনলক্ষ্মীৰ সম্পৰ্ক ৱেনকেটেচৰ লগত আছে। ভগৱান ৱেনকেটেছৰ বিষ্ণুৰ এটা ৰূপ। পদ্মবতীক বিয়া কৰাবলৈ বিষ্ণুই কুৱেৰৰ পৰা ঋণ লৈছিল। এই ঋণৰ পৰিশোধ কৰিবলৈ দেৱী লক্ষ্মী ধনলক্ষ্মী ৰূপ লৈছিল। ধনলক্ষ্মীৰ এখন হাতত ধনৰ কলহ আৰু এখন হাতত পদুম ফুল লৈ থাকে।
তৃতীয় ৰূপ ধান্য লক্ষ্মী। এই ৰূপটোক অন্নৰ ভাণ্ডাৰ বুলি কোৱা হয়। প্ৰত্যেক ঘৰত অন্ন ৰূপে বিৰাজমান দেৱী ধান্য লক্ষ্মী। দেৱী ধান্য লক্ষ্মীক সন্তুষ্ট কৰা এটা উপায় অন্ন অপব্যয় নকৰি। অন্ন অপচয় কৰা ঘৰত কেতিয়াও দেৱী নাথাকে।
গজ লক্ষ্মী দেৱীৰ চতুৰ্থ ৰূপ এই ৰূপত দেৱী পদুম ফুলত হাতীৰ ওপৰত বিৰাজমান আৰু দুয়োফালে দুটা হাতী শুৰেৰে পানী দি দেৱীক পুজা কৰি থাকে।
দেৱী গজ লক্ষ্মীৰ চাৰিখন হাত পদুম ফুল,শঙ্খ,অমৃত কলহ আৰু বেল লৈ থাকে। গজ লক্ষ্মীক কৃষিৰ দেৱী বুলি কোৱা হয়।
পঞ্চম ৰূপ সন্তান লক্ষ্মী দেৱী ভগবত পুৰানৰ অনুসৰি দেৱী আদিশক্তিৰ পঞ্চম ৰূপ স্কন্ধ মাতাৰ। নিজৰ কোলাত পুত্ৰ ষ্কন্ধক লৈ আছে। দেৱী লক্ষ্মীৰ এই সন্তান লক্ষ্মী ৰূপটো ষ্কন্দমাতাৰ লগত মিলি থকা। সেইকাৰণে ষ্কন্ধ মাতা আৰু সন্তান লক্ষ্মীক সমান বুলি কৈছে।
ষষ্ঠ ৰূপ বীৰ লক্ষ্মী মাতা। বীৰ লক্ষ্মী মাতাক পুজা কৰিলে যুদ্ধত জয় নিশ্চিত, বীৰ লক্ষ্মী মাতাৰ আঠখন হাত, বিভিন্ন অস্ত্ৰ ধাৰন কৰি আছে। বীৰ লক্ষ্মীক দেৱী কাত্যানীৰ ৰূপ বুলিও কোৱা হয়।
সপ্তম ৰূপ বিজয় লক্ষ্মী দেৱী। বিজয় লক্ষ্মী দেৱীক জয় লক্ষ্মী বুলিও কোৱা হয়। এই লক্ষ্মীৰ ৰূপে সকলো প্ৰকাৰৰ বিজয় প্ৰদান কৰে।
অষ্টম ৰূপ বিদ্যা লক্ষ্মী।এই ৰূপটো মাতা দুৰ্গাৰ দ্বিতীয় ৰূপ ব্ৰহ্মচাৰিণীৰ লগত মিলে। দেৱী বিদ্যা লক্ষ্মীক পুজা কৰিলে শিক্ষাৰ ক্ষেত্ৰত সফলতা আৰু জ্ঞানৰ বৃদ্ধি হয়।
আমি মাতা লক্ষ্মী আঠাটা ৰূপক শ্ৰদ্ধা আৰু ভক্তিৰে পুজা কৰিব লাগে।