নাহৰ কাঠৰ ঢেঁকী – অসীম জ্যোতি দাস

নাহৰ কাঠৰ ঢেঁকী
অসীম জ্যোতি দাস, মৰিগাঁও 
আইতাৰ ঢেঁকীৰ শাল
দেখাতেই শুৱনী,
গোৱৰমাটিৰে লেপি মচি কৰে শুৱনী ৷
তাহানিতে আজোককাই সাজিছিল
এটা নাহৰ কাঠৰ ঢেঁকী,
আজি অপ্ৰয়োজন সেইটো ঢেঁকী ৷
তাহানিতে আইতাই সতিনী জৰীত ধৰি
বাঢ়নীৰে বঢ়াই বঢ়াই খুন্দিছিল
ধান পাচি পাচি ৷
বাৰ মাহেই নুগুচিছিল ঢেঁকীৰ মাত
আজি আৰু নুশুনো তাহানিৰ সেই,
ঢেংকুৰুচ কুৰুচ ঢেংকুৰুচ কুৰুচ ঢেঁকীৰ মাত ৷
ধান বানে সান্দহ খুন্দে
খুন্দে পিঠাগুৰি আৰু খুন্দে
আইতাই বকুল বৰা ধানৰ
দোৱা ভজা চিৰা ৷
আজি আৰু নাই সেই দিন
বাৰ মাহ বাদেই,
চেনহৰ বিহুটো ঢেঁকীৰ মাতত
নকঁপে মোৰ গাঁৱৰ চুবুৰী ৷
যান্ত্ৰিকতাৰ সুতত পৰি
উটি গ’ল তাহানিৰ সেই
সোনোৱালী শৈশৱ মোৰ ৷
আজি আৰু নাই আমাৰ ঘৰত ঢেঁকী শাল,
নাই আজোককা দিনৰ
সেই নাহৰ কাঠৰ ঢেঁকী,
নিগনিয়ে কুটি কৰিলে গোপাত সতিনী জৰী ৷
আজোককা দিনৰ সেই
খুবলি কঁতৰা ক’তবা আছে পৰি !
আজি আৰু নাই সেই তাহানিৰ
নাহৰ কাঠৰ ঢেঁকী ৷