নাহিবা মোৰ ঠিকনা বিচাৰি
আয়নাল হক,ধুবুৰী
এটাই অনুৰোধ তোমালৈ
উদ্বিগ্ন নহ’বা মোৰ ঠিকনাক লৈ।
এখন কঠিন বাস্তৱ-চিত্ৰই তোমাক কিমান ব্যতিব্যস্ত কৰিব
মোৰ জনা আছে ভালকৈ।
তোমাৰ দুচকুৰ লোতকে
সলনিতো কৰিব নোৱাৰে মোৰ ঠিকনা !
সেয়ে কওঁ মিছাতে উদ্বিগ্ন নহ’বা।
জীয়াই থকাৰ তাড়নাতে
কলিজাটোত আছোঁ খামুচি।
ডাঠ কৰিছোঁ হৃদয়খন
প্ৰাপ্তি অপ্ৰাপ্তিৰ কথা নাভাবি।
নালাগে চাব জুপুৰীৰ জলঙা
আৰু মূধা ফুটা চালি।
তুচ্ছ তাচ্ছিল্যত পাৰ হয়
মোৰ দৈনন্দিন জীৱন-পঞ্জী।
কৰ্দয্যময় জীৱন যাত্ৰাৰ
মই যে এটি সংগ্ৰামী সত্তা
জাৰ-জহ,ৰ’দ-বৰষুণে
সলাব নোৱাৰে মোৰ ঠিকনা।
মৌনতাৰ লগত কথা পাতি
ভালপোৱা এই কবিৰ
নাহিবা কোনোদিনে ঠিকনা বিচাৰি।