নাম ধৰ্মৰে মুখৰিত ভাদ মাহ – নমিতা দাস 

নাম ধৰ্মৰে মুখৰিত ভাদ মাহ

নমিতা দাস 

শুৱালকুছি শান্তিতোল

  শঙ্কৰ দেৱক              কৰো নমস্কাৰ

    সৰ্বলোক ণিতাকাৰ হৰিভক্তি মহা

       ধৰ্ম প্ৰচাৰিলা                  সমস্তে শাস্ত্ৰ বিচাৰি ।।

লোকক কৃপায়ে           নানান উপায়ে

           বিহিলন্ত কৃপাময় ।

কতো গীত পদ              কীৰ্তনৰ ছন্দে

           ভট্টিমা কতো চপয় ।।

এহিমতে নানা                প্ৰচাৰ কৰিলা

           লোক তাৰিবাৰ হতু ।

পৰম কৃপালু                শঙ্কৰে বান্ধিলা

            ইটো মহাধৰ্ম সেতু ।।

                                         ৰামচৰণ ঠাকুৰ

 

আটাইলৈকে পবিত্ৰ ভাদ মাহৰ শুভকামনা জনালোঁ এই মাহটোতে আমাৰ ইষ্ট দেৱ ভগৱান শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ মহা ধুম- ধামেৰে পালন কৰা হয় । প্ৰতিটো নামঘৰত পুৱা গধূলী হৰি নামৰ ধ্বনীৰে মুখৰিত হৈ বৈকুণ্ঠ ধামলৈ ৰূপান্তৰিত হয়। গাওঁৰ জীয়াৰী-বোৱাৰী সকলে নামঘৰলৈ ধাপলি মেলি ভক্তি ৰস প্ৰাণ কৰি ঈশ্বৰৰ গুনাণু কীৰ্তননেৰে পবিত্ৰ কৰে নিজৰ দেহ,মন। ওচৰ চুবুৰীয়া মিলি ভাদ মহীয়া নাম-কীৰ্তণেৰে প্ৰত্যেক ঘৰতে ঘোষা নাম, নেগেৰা নাম, ঠিয় নাম গায় ডেকা-লৰা ছোৱালী খিনিও নিমজ্জিত হয় ভক্তি ৰস প্ৰাণ কৰাত, এই মাহতে অসমীয়া জাতীয় জীৱনত তথা সাহিত্য সাংস্কৃতিক নৱোন্মেষত অনবদ্য অৱদান আৰু কৃষ্টি-সংস্কৃতিৰ লগতে বৈষ্ণৱ ধৰ্মৰ প্ৰৰ্বতনেৰে একতাৰ মহাবাণী প্ৰচাৰ কৰা মহাপুৰুষ গুৰুদুজনাৰ তিৰোভাব তিথি ও পালন কৰা হয় ।” তিনি ভদিয়া যাৰ সোণৰ নাঙল তাৰ ” বুলি অসমীয়া ডাকৰ বচন এটা আছে ।গতিকে এই ভাদ মাহত সন্তান জন্ম হ’লেও শুভ বুলি মনা হয় আৰু ভগৱানৰ সু দৃষ্টি লাভ কৰি এনেকৈয়ে ভগৱান বা দেৱতা সকলৰ অনন্ত মহিমাৰ গুনাণু – কীৰ্ত্তন কৰা হয় ।