নামনি মাজুলীৰ লোহিত চাপৰি যুৱক সংঘৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান 

নামনি মাজুলীৰ লোহিত চাপৰি যুৱক সংঘৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান 
বিকাশ শইকীয়া , মাজুলী, ৰঙিলী বাৰ্ত্তাসেৱা-  নামনি মাজুলীৰ শ্ৰীলোহিত গাঁও পঞ্চায়তৰ লোহিত চাপৰি যুৱক সংঘৰ উদ্যোগত আৰু লোহিত চাপৰি গাঁও উন্নয়ন সমিতিৰ সহযোগত আজি অঞ্চলটোৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা লোহিত চাপৰি অঞ্চলৰ ২৫ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক আজি বৰদোৱাৰ লোহিত চাপৰি প্ৰাথমিক বিদ্যালয়ত উষ্ম সম্বৰ্ধনা জনোৱা হয়।‌ এই উপলক্ষে পুৱা দহ বজাৰ পৰা বৰদোৱাৰ লোহিত চাপৰি প্ৰাথমিক বিদ্যালয়ত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। লোহিত চাপৰি উন্নয়ন সমিতিৰ সদস্য লক্ষ্মন মৰাঙে আঁত ধৰা সভাত সভাপতিত্ব কৰে লোহিত চাপৰি গাঁও উন্নয়ন সমিতিৰ সভাপতি ব্ৰজেন মিচঙে । ৰুনজুন মৰাঙে প্ৰদৰ্শন কৰা এটা বিষ্ণু ৰাভা গীতৰ আধাৰত নৃত্যৰে আৰম্ভ হোৱা উক্ত সভাখন উদ্বোধন কৰে লোহিত চাপৰি যুৱক সংঘৰ সম্পাদক ৰমেশ দলেয়ে। সভাত বিশিষ্ট অতিথি হিচাপে লোহিত চাপৰি গাঁও উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি বিপুল পাটিৰ, প্ৰাক্তন সম্পাদক হৰেন দলে আৰু বৰ্তমান সমিতিৰ সভাপতি ৰামনাথ মিচং আৰু সম্পাদক ধৰ্মেশ্বৰ পাটিৰ, সমাজকৰ্মী ভানুৰাম মৰাঙে অংশগ্ৰহণ কৰি ভাষন প্ৰদান কৰে।‌ উক্ত, সম্বৰ্ধনা অনুষ্ঠানত চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ১৩ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ১২ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক, সম্বৰ্ধনা পত্ৰ, অংগ বস্ত্ৰ আৰু নগদ ধনৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত  লোহিত চাপৰি যুৱক সংঘৰ সভাপতি ৰামনাথ মিচঙে অঞ্চলটোৰ পৰা চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত  চাৰিটা বিষয়ত লেটাৰ নম্বৰ সহ কৃতিত্বৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ বাস্তৱ পাটিৰক সম্বৰ্ধনা পত্ৰ, কিতাপৰ টোপোলা আৰু নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰে। অনুষ্ঠানত স্থানীয় কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰে।