নলেজ ইজ নট পাৱাৰ
মুনিন্দ্ৰ বৈশ্য, ওদালগুৰি
Knowledge is power― কথাষাৰ আমি শৈশৱৰে শুনি আহিছোঁ, পঢ়ি আহিছোঁ আৰু বিভিন্নজনে বিভিন্ন ঠাইত কৈ ফুৰাও দেখি আহিছোঁ। আপুনিও হয়তো একমত। কিন্তু অলপ দকৈ ভাবি চালে হয়তো মোৰ দৰে আপুনিও মানি ল’বলৈ টান পাব। চাওঁক, চাধা, চিগাৰেট, মদ-ভাং-ড্ৰাগছ আদি সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক। এইটো সাধাৰণ জ্ঞানৰ বিষয়। নাৰীৰ শ্লীলতা হানি কৰিবলৈ যোৱাটো অপৰাধ, দুৰ্নীতি কৰাটো অপৰাধ, চুৰি-ডকাইতি কৰাটো অপৰাধ, মাক-দেউতাকক অপমান কৰাটোও পাপ আৰু অপৰাধ। এইবিলাক কথাও সাধাৰণ জ্ঞানৰে কথা; সেইখিনি জ্ঞান সকলোৰে আছেও। শিক্ষিতসকলৰতো কথাই নাই, একেবাৰে সাধাৰণ মানুহৰো আছে। তাৰ পিছতো সমাজত এই অসামাজিক কামবিলাক নিতৌ সংঘটিত হৈ আছে। যদি Knowledge is power হয়েই, তেন্তে এইবোৰ অপকৰ্ম সংঘটিত হ’ব পাৰিলেহেঁতেন বুলি বিশ্বাস কৰা টান। সেইকাৰণে ভাবোঁ Knowledge is not power. বাস্তৱ সত্যটো হৈছে Execution of knowledge is power.― জ্ঞানৰ উপযুক্ত প্ৰয়োগহে আচল শক্তি।